পবিতৰাত এসপ্তাহত ৩টাকৈ গঁড়ৰ মৃতদেহ, উদাসীন বন বিভাগ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ পবিতৰা অভয়াৰণ্যত কালি উদ্ধাৰ হৈছে এটা মাইকী গঁড়ৰ মৃতদেহ। চলিত সপ্তাহটোত এই মৃত গঁড়কে ধৰি উদ্ধাৰ হৈছে মুঠ তিনিটাকৈ গঁড়ৰ মৃতদেহ। আগৰ মৃতদেহ দুটা আছিল পোৱালি গঁড়ৰ।
এটা সপ্তাহতে তিনিটাকৈ গঁড়ৰ মৃত্যুৰ পিছত স্বাভাৱিকতে সৃষ্টি কৰিছে ৰহস্য আৰু চাঞ্চল্যৰ। কিন্তু অভিযোগ পোৱা মতে, গঁড়ৰ মৃত্যুক লৈ উদাসীন বন বিভাগ। সূত্ৰ অনুসৰি গঁড়ৰ মৰণোত্তৰ প্ৰতিবেদন সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে পবিতৰা বন কৰ্তৃপক্ষই।
স্থানীয় ৰাইজৰ মতে, এই হাৰত হোৱা গঁড়ৰ অস্বাভাৱিক মৃত্যুৱে পবিতৰালৈ বিপদ মাতি আনিব পাৰে। গতিকে বন বিভাগে পলম নকৰি বিষয়টোত দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা উচিত।