খ্রীষ্টানবস্তিত ব্রীজমোহন হিৰো ছার্ভিচিং চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত কালি দুটাকৈ অগ্নিকাণ্ড সংঘটিত হয়৷ কালি পুৱা ১১ বজাত নতুন এমএলএ হোষ্টেলৰ কেণ্টিনত অগ্নিকাণ্ডৰ সূত্রপাত হয়৷ কেণ্টিনখনত থকা চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
ঘটনাস্থলীত দিছপুৰৰ পৰা অহা দুখনকৈ অগ্নিনির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ ইফালে, দিনৰ প্রায় ১২.৪৫ বজাত খ্রীষ্টানবস্তিৰ ব্রীজমোহন হিৰো ছার্ভিচিং চেণ্টাৰত অগ্ণিকাণ্ড সংঘটিত হয়৷ ইয়াৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ জুইৰ লেলিহান শিখা ছার্ভিচিং চেণ্টাৰটোৰ ভিতৰত থকা সামগ্রীলৈ সম্প্রসাৰিত হোৱাত বিস্তৰ ক্ষতি হয়৷ অগ্ণিনির্বাপক বাহিনীৰ ৭খনকৈ গাড়ীৰে প্রায় ডেৰ ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ শ্বর্ট চার্কিটৰ ফলতেই এই অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ অগ্নিকাণ্ডত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই৷