নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ সমর্থন অবিহনে বহু সমষ্টিত জয়ী হ’ব নোৱাৰে বিজেপি

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ  অগপৰ সহায় অবিহনে বহু সমষ্টিত বিজেপি জয়ী হ’ব নোৱাৰে৷ তেওঁলোকৰ ওপৰত ৰাইজে বিশ্বাস হেৰুৱাইছে৷ –এই বিস্ফোৰক মন্তব্য প্রাক্তন মুখ্যমন্ত্রী তথা অগপৰ প্রতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্তৰ৷ আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত প্রাক্তন মুখ্যমন্ত্রী মহন্তই লগতে যোৱা পঞ্চায়ত নির্বাচনৰ সময়ত বিজেপিয়ে অগপ দলক আক্রমণৰ লক্ষ্য কৰি লোৱাৰ দৰে বিটিচি নির্বাচনত বি পি এফ দলক আক্রমণ কৰাৰ প্রসংগতো বিজেপিয়ে সুবিধাবাদী চৰিত্রত অৱস্থান কৰিছে বুলি মন্তব্য কৰে৷ এই সন্দর্ভত মহন্তৰ স্পষ্ট কথা– বিজেপিয়ে নিজে চৰকাৰ কৰিছে বুলি এনেই দম্ভালি মাৰি আছে৷ অগপ, বি পি এফৰ সমর্থনতহে বর্তমানৰ চৰকাৰ চলি আছে৷ সেইদৰে বর্তমান অগপৰ দখলত থকা মহন্তৰ বঢ়মপুৰ সমষ্টিত বিজেপিৰ চকু পৰাৰ প্রসংগতো মহন্তই কয়– কেৱল মোৰ সমষ্টি বুলিয়েই নহয়, অগপৰ দখলত থকা সকলো সমষ্টিতে বিজেপিৰ চকু আছে৷ অগপৰ নেতাসকলে অহা নির্বাচনত বিজেপিৰ পৰা প্রার্থিত্ব নিবিচাৰে, অগপৰ পৰাহে বিচাৰিব৷

অৱশ্যে পুখুৰীত ডাঙৰ মাছে সৰু মাছক খায়েই জীয়াই থাকে৷ অসমত আঞ্চলিক শক্তি শক্তিশালী কৰি নাৰাখিলে ৰাজ্যখনৰ উন্নয়ন সম্ভৱ নহয় বুলি উল্লেখ কৰি মহন্তই কয় যে ৰাজ্যখনৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক উন্নয়নৰ বাবেই আঞ্চলিক দলৰ প্রয়োজন৷ অগপৰ শাসনকালতেই ৰাজ্যখনৰ উন্নয়ন হৈছে৷ কেন্দ্রৰ পৰা পূর্বতে ৭০ঃ৩০ হিচাপত পুঁজি যোগান ধৰা হৈছিল৷ অগপৰ কার্যকালতেই সেই পৰিমাণ ৯০ঃ১০ কৰা হয়৷ পেট্র’ল–ডিজেল–কয়লা–চা ৰয়েল্টী বঢ়োৱা হৈছিল৷ ফ’ৰলেনৰ নির্মাণকার্য অগপ চৰকাৰৰ দিনতেই হৈছিল৷ ৰাজ্যখনত যিমান উদ্যোগ স্থাপন হৈছিল, সেয়াও আঞ্চলিক চৰকাৰৰ দিনতেই হোৱা৷ সেই উদ্যোগসমূহ এতিয়া ক্রমান্বয়ে মৰিবলৈ ধৰিছে৷ কামপুৰ চেনিকল, দেৰগাঁও চেনিকল পুনৰ উৎপাদনক্ষম কৰাত চৰকাৰ ব্যর্থ হৈছে৷ নগাঁও কাগজ কল, কাছাৰ কাগজ কল বন্ধ হৈ গ’ল৷ চৰকাৰে প্রতিশ্রুতি দিও কাগজ কল দুটা পুনৰ উৎপাদনক্ষম কৰিব পৰা নাই৷ এটাৰ পাছত এটা উদ্যোগ বন্ধ হৈ যোৱাৰ ফলত ৰাজ্যখনত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰঙিয়াৰ এপ’ল মিল বন্ধ হৈ আছে৷ আজিও কলটো সুচল কৰাৰ বাবে ৰাইজে ধর্ণা দি আছে৷ কিন্তু চৰকাৰে মনোযোগ দিয়া নাই৷ জনসাধাৰণক বাদ দি কোনো চৰকাৰে সুশাসন কৰিব নোৱাৰে বুলি মহন্তই মন্তব্য কৰে৷ নতুন আঞ্চলিক দল গঠন সম্পর্কত পোনপটীয়াকৈ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকি মহন্তই কয় যে ৰাজ্যত আঞ্চলিকতাবাদী শক্তিৰ উত্থান হ’ব লাগে৷

ভাৰতীয় সংবিধান অনুসৰি সকলোৰে ৰাজনৈতিক দল খোলাৰ অধিকাৰ আছে৷ একেদৰে অখিল গগৈক প্রায় এবছৰ ধৰি কাৰাবন্দী কৰি ৰখাটো উচিত হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে৷ সংবাদ মেলখনত মহন্তই দেশত চলি থকা কৃষকৰ আন্দোলনৰ প্রতিও সমর্থন ব্যক্ত কৰে৷ আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে তেওঁৰ সম্পর্কৰ প্রসংগত কয় যে মোদীৰ লগত তেওঁৰ ব্যক্তিগত সম্পর্ক ভাল৷ কিন্তু সেই সম্পর্ক ৰাজনৈতিক নহয়৷ তেওঁ যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্রী হৈ আছিল, মোদী তেতিয়া ৰাজ্যিক বিজেপিৰ প্রভাৰী আছিল৷ সেইসূত্রে তেতিয়াই ব্যক্তিগত সম্পর্ক গঢ়ি উঠিছিল৷

You might also like