দিল্লীত গুলীয়াগুলীঃ খালিস্তান আইএছআইৰ পাঁচ দুর্ধর্ষ সন্ত্রাসবাদীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ ভয়াৱহ কূটাঘাতৰ পৰা ৰক্ষা পৰিল দেশৰ ৰাজধানী নতুন দিল্লী৷ কৃষক আন্দোলনে ৰাজধানী দিল্লী উত্তাল কৰি ৰখাৰ সময়তে সোমবাৰে পুৱা এক সংঘর্ষৰ অন্তত ৫ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষী৷ ধৃত সন্ত্রাসবাদীকেইটাৰ পৰা অস্ত্র–শস্ত্র আৰু আপত্তিজনক তথ্য উদ্ধাৰ কৰে৷ কার্যতঃ ৫ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰাৰ লগে লগে ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা পৰে ৰাজধানী চহৰখন৷ ঘটনাৰ বিৱৰণী মতে, নতুন দিল্লীৰ চকৰপুৰ অঞ্চলত আজি পুৱা বাহনত অহা সন্ত্রাসবাদী গোট এটাৰ সৈতে আৰক্ষীৰ সংঘর্ষ হয়৷ দুই পক্ষৰ মাজত গুলীচালনা চলাৰ অন্তত দিল্লী আৰক্ষীৰ বিশেষ শাখাই পাঁচ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা ৫ সন্ত্রাসবাদীৰ ভিতৰত তিনিজন জম্মু–কাশ্মীৰৰ আৰু দুজন পঞ্জাবৰ৷
দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ ডি চি পি প্রমোদ কুছৱাহাই প্রকাশ কৰা মতে, কাশ্মীৰৰ সন্ত্রাসবাদী তিনিটা হিজবুল মুজাহিদীন আৰু আই এছ আইৰ সৈতে জড়িত৷ কাশ্মীৰৰ সন্ত্রাসবাদী তিনিটাই হিজবুল মুজাহিদীনৰ হৈ কাম কৰি থকাৰ লগতে পাক অধিকৃত কাশ্মীৰস্থিত সন্ত্রাসবাদীক বিভিন্ন ধৰণে সহায় কৰি আহিছে৷ আনপিনে পঞ্জাবৰ দুই সন্ত্রাসবাদী খালিস্তানীৰ সৈতে জড়িত আছে৷ এই সন্ত্রাসবাদী দুটাই পঞ্জাবত অবৈধ ড্রাগ্ছ সৰবৰাহ কৰি থকাৰ লগতে সন্ত্রাসবাদক পুঁজি যোগান ধৰি আহিছে৷ আৰক্ষীয়ে ধৃত পাঁচ সন্ত্রাসবাদীক সোধা–পোছা কৰি আছে যদিও এতিয়ালৈকে বিতং তথ্য একো প্রকাশ কৰা নাই৷ ধৃত তিনি কাশ্মীৰৰ সন্ত্রাসবাদী হৈছে ছবিৰ আহমেদ, আয়ুব পাঠান আৰু ৰিয়াজ ৰাথাৰ৷ পঞ্জাবৰ দুই সন্ত্রাসবাদী হৈছে গুৰজিৎ সিং আৰু সুখদেৱ সিং৷ প্রাৰম্ভিক তথ্য মতে, ধৃত পাঁচ সন্ত্রাসবাদী পঞ্জাবৰ সৌর্য চক্র সন্মান বিজয়ী বলবিন্দৰ সিং হত্যাতো জড়িত আছে৷ আৰক্ষীয়ে এই সন্দর্ভত সোধা–পোছা কৰি আছে৷ তাৎপর্যপূর্ণ যে প্রায় ২০ দিন পূর্বে দিল্লী আৰক্ষীয়ে খান বজাৰ অঞ্চলৰ পৰা দুই জইচ–ই–মহম্মদৰ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰি ভয়ংকৰ কূটাঘাত ব্যর্থ কৰাৰ পাছত পুনৰ ৫ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰি আন এক ভয়ংকৰ আক্রমণ ব্যর্থ কৰিলে দিল্লী আৰক্ষীয়ে৷