নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত বিজেপিৰ সমদলত কন্দুৱা গেছ–পানী হিলৈ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ পশ্চিমবংগৰ শিলিগুৰিত বিজেপি কর্মীয়ে উলিওৱা প্রতিবাদী সমদলৰ ওপৰত আৰক্ষীয়ে পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ শাসকীয় তৃণমূল কংগ্রেছ চৰকাৰে দক্ষিণ বেংগলৰ জনতাক কেন্দ্রীয় চৰকাৰৰ আঁচনিসমূহৰ পৰা বঞ্চিত কৰাৰ বাবেই  ভাৰতীয় জনতা যুৱ মর্চাই ‘উত্তৰ কন্যা অভিযান’ৰ অংশ হিচাপে প্রতিবাদী সমদল উলিয়ায়৷

আৰক্ষীয়ে ঘেৰি ৰখা বেৰিকেড বিজেপিৰ প্রতিবাদকাৰীয়ে ভাঙিবলৈ চেষ্টা কৰাৰ পিছতেই শিলিগুৰিৰ আৰক্ষীয়ে প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰাৰ বাবে পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ স্থানীয় প্রত্যক্ষদর্শীয়ে প্রকাশ কৰা মতে প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষ হয়৷ বেৰিকেড ভাঙি পেলাবলৈ বিচাৰোঁতে আৰক্ষীয়ে বাধা প্রদান কৰাৰ পিছতে একাংশই শিল নিক্ষেপ কৰাৰ লগতে আন একাংশই বাঁহৰ বেৰিকেডত অগ্ণিসংযোগ কৰে৷

ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে৷ বিজেপিৰ যুৱ মর্চাৰ ৰাষ্ট্রীয় সভাপতি সাংসদ তেজস্বী সূর্যই টুইটাৰযোগে আৰক্ষীৰ আক্রমণত শান্তিপূর্ণ প্রতিবাদকাৰীৰ কেইবাজনো আহত হোৱা বুলি অভিযোগ কৰিছে৷

You might also like