নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ‘ক’ভিশ্বিল্ড’ প্রয়োগৰ অনুমোদন বিচাৰিলে ছিৰামে

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ফাইজাৰ–বায়’এনটেক ভেকচিন জৰুৰীভাৱে ভাৰতত প্রয়োগ কৰাৰ অনুমোদন বিচাৰি কালি আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুত কোম্পানী ফাইজাৰে আবেদন জনোৱাৰ কেইঘণ্টামানৰ পিছতেই আজি ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড ভাৰতত প্রয়োগৰ অনুমতি বিচাৰিলে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ অস্ত্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে যুটীয়াভাৱে বিকশিত কৰা ক’ভিড–১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’ ভাৰতত প্রস্তুত আৰু বিতৰণৰ দায়িত্বত থকা পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই জৰুৰীভাৱে দেশত এই ভেকচিন প্রয়োগৰ অনুমোদন বিচাৰিছে৷ উল্লেখ্য যে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতত ক’ভিশ্বিল্ডৰ মানৱ দেহত পৰীক্ষণ পৰিচালিত কৰি আছে৷ ক’ভিশ্বিল্ড হৈছে বিদেশী কোম্পানীয়ে বিকশিত কৰা আৰু দেশীয় কোম্পানীয়ে প্রস্তুত আৰু পৰীক্ষণৰ দায়িত্বত থকা প্রথমটি থলুৱা ভেকচিন৷

You might also like