নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফতিয়ে আজি অভিযোগ কৰিছে যে তেওঁক শ্রীনগৰৰ গুপকাৰ ৰোডস্থিত বাসভৱনত বন্দী কৰা হৈছে৷ নেত্রীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি মধ্য কাশ্মীৰৰ বাদগাম জিলাত উচ্ছেদ কৰা পৰিয়ালবোৰৰ সৈতে তেওঁ মিলিত হ’ব বিচাৰিছিল৷ তেতিয়াই তেওঁক আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে বাধা প্রদান কৰে৷
বর্তমান নেত্রীগৰাকী গৃহবন্দী হৈ থকা বুলিও স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে মুফতিয়ে উল্লেখ কৰিছে যে ভাৰত চৰকাৰে বিৰোধী পক্ষক পশুৰ দৰে শিকলিৰে বান্ধিবলৈ বেআইনী বন্দিত্বৰ প্রক্রিয়া পুনৰ আৰম্ভ কৰিছে৷ জম্মু–কাশ্মীৰৰ জনসাধাৰণক কোনোধৰণৰ প্রশ্ণ নকৰাকৈ কেৱল আতিশয্য চলোৱা বুলিও অভিযোগ কৰিছে নেত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে মেহবুবা মুফতিয়ে তেওঁক পুনৰ গৃহবন্দী কৰা বুলি অভিযোগ কৰিছে যদিও কেন্দ্রীয় চৰকাৰে বিষয়টো সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷