সর্বকালৰ শিখৰত দেশৰ ছেনছেক্সঃ ব্রিটেইনত টিকাকৰণত বিশ্বজুৰি আনন্দৰ লহৰ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ গ্রেট ব্রিটেইনত ক’ভিড প্রতিৰোধী গণ টিকাকৰণ আৰম্ভ হোৱাৰ পাছতে আজি আন্তর্জাতিক বজাৰৰ অভাৱনীয় উত্থান ঘটে৷ বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ বৃদ্ধি কৰাত দেশৰ শ্বেয়াৰ বজাৰ আকাশলংঘী হয়৷ বি এছ ই ছেনছেক্স আজি ৪৯৫ পইণ্ট ঊর্ধ্বগামী হৈ ৪৬.০৯৩.০৫ত সামৰণি পৰে৷ দেশৰ ছেনছেক্স সর্বকালৰ শিখৰলৈ ঊর্ধ্বগামী হৈ প্রথমবাৰৰ বাবে ৪৬ হাজাৰ অতিক্রম কৰে৷ তেনেদৰে এন এছ ই নিফ্টী আজি ৫০ পইণ্ট ঊর্ধ্বগামী হৈ ১৩৫২৮ত সামৰণি পৰে৷ কালিৰ তুলনাত আজি বি এছ ই ছেনছেক্স আৰু নিফ্টীৰ সূচাংক এক শতাংশকৈ বৃদ্ধি পায়৷ বি এছ ই ছেনছেক্সৰ আজি সর্বাধিক লাভান্বিবত হৈছে এছিয়ান পেইণ্ট৷ এছিয়ান পেইণ্টৰ বজাৰ প্রায় তিনি শতাংশ বৃদ্ধি পায়৷ লগতে এইচ ডি এফ চি বেংক, ৰিলায়েঞ্চ ইণ্ডাষ্ট্রী, ইনফ’ছিছ, ক’টাক মহিন্দা বেংক, আই টি চি আদিও লাভান্বিত হয়৷ তেনেদৰে ক’ভিড–১৯ ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ ফলত এছিয়াৰ শ্বেয়াৰ বজাৰ অভিলেখসংখ্যক ঊর্ধ্বগামী হোৱাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টক এক্সচেঞ্জো অধিক লাভৰ সন্মুখীন হৈছে৷ জাপানৰ বাহিৰত এছিয়া পেছিফিক শ্বেয়াৰৰ এম এছ আই চি আইৰ ইনডেস্ক ০.৬৫ শতাংশ বৃদ্ধি পাইছে৷ অষ্ট্রেলিয়াৰ শ্বেয়াৰ ০.৬১ শতাংশ, জাপানৰ নিকি ১.২ শতাংশ ঊর্ধ্বগামী হৈ ডেৰ বছৰৰ অভিলেখ ভংগ কৰিছে৷ আনপিনে দক্ষিণ কোৰিয়াৰ ষ্টক এক্সচেঞ্জ ১.৬ শতাংশ বৃদ্ধি পাইছে৷ অৱশ্যে চীনৰ শ্বেয়াৰ ০.৬৮ শতাংশ নিম্নগামী হৈছে৷ ইউৰো ষ্টক ০.৫ শতাংশ, জার্মানৰ ডি এ এক্স ০.৩৭ শতাংশ আৰু লণ্ডনৰ এফ টি এছ ই ০.৪৮ শতাংশ ঊর্ধ্বগামী হৈছে৷