নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ মঙলবাৰে সন্ধিয়া ঝাৰখণ্ডৰ ডুমকাৰ মুফাছিল অঞ্চলত এগৰাকী ৩৫ বছৰীয়া মহিলাক ১৭জন দুর্বৃত্তই বলাৎকাৰ কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিশা বজাৰৰ পৰা স্বামীৰ সৈতে উভতি অহাৰ সময়ত ১৭জন লোকে মহিলাগৰাকীৰ ওপৰত এই পাশৱিক যৌন আতিশয্য চলোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷
স্থানীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি গণধর্ষণৰ পূর্বে দুর্বৃত্তকেইটাই মহিলাগৰাকীৰ স্বামীক পণবন্দী কৰি ৰাখিছিল৷ মহিলাগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি আটাইকেইটা দুর্বৃত্ত সুৰামত্ত অৱস্থাত আছিল বলাৎকাৰ চলোৱাৰ সময়ত৷ এই ঘটনাৰ পাছতে গভীৰ উদ্বেগ প্রকাশ কৰিছে ৰাষ্ট্রীয় মহিলা আয়োগ (এনচিডব্লিউ)এ৷
মহিলা আয়োগে দুমাহৰ ভিতৰত আৰক্ষীক এই ঘটনাৰ তদন্ত কৰি প্রতিবেদন দাখিল কৰিবলৈও নির্দেশ দিছে৷ এনচিডব্লিউৰ অধ্যক্ষ ৰেখা শর্মাই ঝাৰখণ্ডৰ আৰক্ষী প্রধানলৈ এই সন্দর্ভত এক পত্র প্রেৰণ কৰাৰ উপৰি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নির্দেশনা অনুসৰি তদন্ত প্রক্রিয়া সম্পন্ন কৰিব লাগে বুলি দাবী জনাইছে৷