নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত বিমান কর্মীয়ে পৰিধান কৰিব লাগিব ডাইপাৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  চীনত বিমানযাত্রীসকলক ক’ভিড–১৯ৰ সংক্রমণৰ পৰা পৰিত্রাণ দিয়াবলৈ দেশখনৰ অসামৰিক উৰণ প্রশাসনে নতুন নির্দেশনা জাৰি কৰিছে৷ এই নতুন নির্দেশনা অনুসৰি বিমানৰ কর্মীসকলে ক’ভিড–১৯ পৱন লক্ষ্যস্থানলৈ যোৱাৰ সময়ত বিশেষ বিমানত পৰিধান কৰিব লাগিব ডাইপাৰ৷ যাতে স্নানাগাৰলৈ বিমান কর্মীসকলে যাবলগীয়া নহয় তাৰবাবে এই ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ বিমানৰ স্নানাগাৰত ক’ভিড সংক্রমণৰ আশংকা কৰিয়েই এই নির্দেশনা উৰণ প্রতিষ্ঠানসমূহৰ বাবে জাৰি কৰিছে চৰকাৰে৷ যাত্রীসকলৰ ক্ষেত্রতো অনুৰূপ নির্দেশনা জাৰি কৰা হৈছে চীনত৷

You might also like