নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনকাৰীক হত্যা কৰা কংগ্রেছক ৰাজ্যৰ পৰা ওফৰাব লাগিব

পাঠশালাত অসম গণ পৰিষদৰ কেন্দ্রীয় শ্বহীদ দিৱসত সভাপতি অতুল বৰা

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ‘অসম আন্দোলনত আত্মবলিদান দিয়া ৮৬০গৰাকী বীৰ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত জন্মলাভ কৰা অসম গণ পৰিষদে অতীতত কৰি অহা কিছুমান ভুলৰ বাবে গণবিচ্ছিন্ন হ’ব লগা হৈছিল আৰু তাৰ বাবে আজি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি পুনৰ ভুল নকৰাৰ প্রতিশ্রুতি প্রদান কৰিলোঁ৷’– এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ৷ অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্র স্মৃতিত পালন কৰি অহা শ্বহীদ দিৱস আজি অসম গণ পৰিষদ দলৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু পাটাছাৰকুছি বিধান পৰিষদৰ সহযোগত পাঠশালাৰ ভগৱতী ক্ষেত্রত দিনজোৰা কার্যসূচীৰে পালন কৰা হয়৷ এই কেন্দ্রীয় শ্বহীদ দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে অগপই যিহেতু পূর্বৰ ভুলসমূহ বুজি পাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে, সেয়েহে এইবাৰ অসমবাসীয়ে তেওঁলোকক পুনৰ আঁকোৱালি ল’ব৷ আঞ্চলিকতাবাদৰ ধ্বজা বহন কৰি অহা দলটোৱে ইতিমধ্যে তেওঁলোকৰ কর্মৰাজিৰ দ্বাৰা পুনৰ ৰাইজৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি কয় যে অগপক কাৰোবাৰ ব্যক্তিগত স্বার্থত কেতিয়াও ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব৷ এইবাৰ অসমবাসীয়ে অগপ–বিজেপি মিত্রজোঁটক পুনৰ আঁকোৱালি ল’ব বুলি উল্লেখ কৰি তেওঁ কংগ্রেছক সমালোচনা কৰি কয় যে আন্দোলনকাৰীক হত্যা কৰা, নির্যাতন কৰা কংগ্রেছ দলক অসমৰ পৰা সম্পূর্ণভাৱে ওফৰাব লাগিব৷ আঞ্চলিকতাবাদৰ দুর্গ হিচাপে পৰিচিত পাটাছাৰকুছি সমষ্টিৰ ৰাইজৰ উদাহৰণ দি বৰাই কয় যে আঞ্চলিকতাবাদ কেতিয়াও দুর্বল হ’ব নোৱাৰে আৰু অসমৰ ৰাইজে ইয়াক সবল কৰি জীয়াই ৰাখিব৷ বৃহত্তৰ বজালী অঞ্চলৰ কেইবাসহস্র লোকে অংশগ্রহণ কৰা এই সভাত অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী, কেশৱ মহন্ত, ডাঃ কমলাকান্ত কলিতা, বীৰেন্দ্র প্রসাদ বৈশ্য, গুণীন চৌধুৰী, নতুনকৈ অগপত যোগদান কৰা ড০ ৰণজিৎ ডেকা, কল্পনা পাটোৱাৰী, পৰমানন্দ ৰাজবংশী, অগপৰ উপ–সভাপতি সুনীল ডেকা, আক্রাম হুছেইন, মুখপাত্র ড০ তপন দাসকে আদি কৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷ উদ্যাপন সমিতিৰ উপ–সভাপতি ধর্মেশ্বৰ ৰয় আৰু সাধাৰণ সম্পাদক জিণ্টু চৌধুৰীয়ে আঁত ধৰা কেন্দ্রীয় শ্বহীদ দিৱসৰ কার্যসূচীৰ আৰম্ভণিতে দলীয় পতাকা উত্তোলন কৰে বৰপেটা জিলা অগপৰ সভাপতি গুণীন দাসে৷

শ্বহীদ তর্পণ কৰে অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ ৰাধাকান্ত তালুকদাৰে৷ সতীর্থ সোঁৱৰণ কার্যসূচী মুকলি কৰে ডাঃ কমলাকান্ত কলিতাই৷ আনন্দৰাম বৰুৱা একাডেমীৰ শিক্ষয়িত্রী আৰু ছাত্র–ছাত্রীয়ে পৰিৱেশন কৰা সমৱেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাখনৰ পূর্বে অগপ সভাপতি বৰা সমন্বিতে দলীয় নেতৃবৃন্দক বৃহৎ বাইক ৰেলীৰে টিহুৰ পৰা আদৰি অনা হয়৷ আনহাতে, যি সময়ত স্থানীয় বিধায়ক পবিন্দ্র ডেকা আৰু স্থানীয় অগপৰ মাজত তীব্র সংঘাত চলি আছে, তেনে সময়তে অগপত নতুনকৈ যোগদান কৰা শিক্ষাবিদ ড০ ৰণজিৎ ডেকায়ো আজি নিজৰ স্থিতি প্রদর্শন কৰাৰ বাবে অধিক তৎপৰতা দেখুওৱা পৰিলক্ষিত হয়৷ সাংবাদিকৰ আগত ড০ ডেকাই কয় যে পাটাছাৰকুছি সমষ্টিত অগপৰ ভেটি দুর্বল বুলি প্রচাৰ কৰাসকলে আজিৰ সভা প্রত্যক্ষ কৰি দেখিলে যে দলৰ ভেটি কিমান শক্তিশালী৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বজালীক পুনৰ অগপৰ অভেদ্য দুর্গ হিচাপে প্রতিষ্ঠিত কৰিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইপিনে, সাংবাদিকৰ আগত মন্ত্রী ফণীভূষণ চৌধুৰীয়ে আগন্তুক বিধানসভা নির্বাচনত বিগত নির্বাচনৰ দৰে অগপৰ হাতত থকা সকলো সমষ্টি থাকিব নে নাই, সেয়া আজিয়ে স্পষ্ট নহয় যদিও জনপ্রিয়তাৰ ভিত্তিত কিছু সালসলনি হ’ব পাৰে আৰু এনে বিষয় বিজেপিৰ স’তে পর্যালোচনা কৰিহে দিয়া হ’ব, অৱশ্যে বিগত নির্বাচনতকৈ কিছু সালসলনি দেখা পোৱা যাব বুলি গুৰুত্বপূর্ণ মত পোষণ কৰে৷ একেদৰে মন্ত্রী কেশৱ মহন্তয়ো বিজেপিৰ স’তে আলোচনাৰ অন্তত টিকটকেন্দ্রিক সিদ্ধান্ত লোৱা হ’ব বুলি মত পোষণ কৰে৷ তাৎপর্যপূর্ণভাৱে আজি পাটাছাৰকুছি সমষ্টিত নিজ দলৰ স্থানীয় বিধায়ক পবিন্দ্র ডেকাৰ অনুপস্থিতিত অগপই এনেদৰে অনুষ্ঠিত কৰে শ্বহীদ দিৱস৷ এই মুকলি সভাত শ্বহীদক সোঁৱৰণ কৰি কল্পনা পাটোৱাৰী আৰু কণমানি কণ্ঠশিল্পী নিশান্তই গোৱা গীতে উপস্থিত জনতাক সন্মোহিত কৰে৷ আনহাতে, অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া শ্বহীদসকলক সোঁৱৰণ কৰি বন্তি প্রজ্বলন কার্যসূচীও ৰূপায়ণ কৰা হয়৷ স্থানীয় অগপ নেতা বুবুল আহমেদ, ৰাতুল ৰয়, ধ্রুৱ দত্ত আদিয়ে এই কার্যসূচী ৰূপায়ণ কৰি আজি শ্বহীদক সোঁৱৰণ কৰে৷ আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক পবিন্দ্র ডেকা অনুপস্থিত থাকে যদিও অগপৰ কেন্দ্রীয় নেতাসকলে তেওঁ কিবা ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত নাই বুলি উল্লেখ কৰি তেওঁ আজিও কেন্দ্রীয় নেতা বুলি প্রকাশ কৰে৷

You might also like