নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বন্যাৰ্তক এইচডিএফচি বেংক, চেন্ট্ৰেল মাৰ্কেট শাখাৰ সাহায্য প্ৰদান

ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বন্যাৰ্ত ৰাইজৰ মাজত এইচ ডি এফ চি বেংক শিৱসাগৰ চেন্ট্ৰেল মাৰ্কেট শাখাৰ কৰ্মচাৰীবৃন্দই সাহায্য প্ৰদান অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই জিলাখনৰ তিনিটাকৈ অন্যতম ক্ষতিগ্ৰস্ত অঞ্চলত ইতিমধ্যে খাদ্যৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে৷

জানিব পৰা মতে, বিত্তীয় প্ৰতিষ্ঠানটোৰ দলটোৱে শিৱসাগৰৰ বেতবাৰী, বগৰীতল, ভাধৰা, হাঁহচৰা, শুকানপুখুৰী আদি অঞ্চলৰ কেইবাশ বানাক্ৰান্ত ৰাইজৰ মাজত খিচিৰি, পানীৰ বটল, ব্ৰেড-বিস্কুট,  ছেনিটেৰী পেড আদি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়৷ প্ৰতিষ্ঠানটোৰ এই সাহায্য প্ৰদানকাৰী দলটোত ক্লাষ্টাৰ হেড অনুপম কলিতা, চেন্ট্ৰেল মাৰ্কেট শাখাৰ শাখা পৰিচালক আাইচেংমুঙ ৰাজকুমাৰ, শাখাটোত থকা ডব্লিউ বি অ’ৰ ইউনিট হেড বিষ্ণু শৰ্মা, এছ এল আই শাখাৰ পৰিচালক অমৰ ফুকন, বাণিজ্যিক যান-বাহন ঋণ শাখাৰ চেলছ্ মেনেজাৰ অনুপল দূৱৰী, সংশ্লিষ্ট শাখাৰ কৰ্মচাৰী ৰিতুৰাজ দত্ত, বেংকৰ সহ কৰ্মচাৰী লুনা বৰুৱা, খনীন্দ্ৰ ডেকা, ব্যক্তিগত যান-বাহন ঋণ শাখাৰ চেলছ্ মেনেজাৰ সঞ্জয় মহন, সংশ্লিষ্ট শাখাৰ কৰ্মচাৰী বিশ্বজিৎ বড়া আৰু চানু বৰুৱাই অশগ্ৰহণ কৰে৷

এইচ ডি এফ চি বেংক চেন্ট্ৰেল মাৰ্কেট শাখাই বানপীড়িতক সাহায্য প্ৰদানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে৷ ইফালে, একেটা প্ৰতিষ্ঠানৰে ব্যক্তিগত যান-বাহন ঋণ শাখায়ো বানত আক্ৰান্ত শিৱসাগৰৰ শিমলুগুৰি আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত ব্লিছিং পাউডাৰ, ছেনিটেৰী পেড, মমবাতি, গাখীৰ, অ’ আৰ এছ এল আদি অতি প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলা প্ৰায় পাঁচশটা পৰিয়ালৰ মাজত বিতৰণ কৰে৷ এই সাহায্য প্ৰদানকাৰী দলটোত চেলছ্ মেনেজাৰ পৰশমণি বড়া, সঞ্জয় মহন, সহকৰ্মী চিৰঞ্জীত চক্ৰবৰ্তী, উজ্জল বৰদলৈ, প্ৰণৱ খাটনিয়াৰ, বিশ্বজিৎ বড়া আৰু হিমাংশু কটকীয়ে অংশগ্ৰহণ কৰে৷ শাখাটোৰ পৰিচালক আইচেমুঙ ৰাজকুমাৰে প্ৰয়োজনত আৰ্তজনক সহায়ৰ বাবে সংশ্লিষ্ট বিত্ত প্ৰতিস্থানৰ কৰ্মচাৰীসকল ভৱিষ্যতলৈও সাজু থাকিব বুলি জানিবলৈ দিছে৷

নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২৭ জুলাই :

You might also like