নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সুদীর্ঘ ৪১ বছৰ পূর্বে আজিৰ দিনটোতে অর্থাৎ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত অংশ লৈ প্রাণ আহুতি দিয়া শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ মৃত্যু তিথিত আজি মঙলদৈত আছুৱে কেন্দ্রীয়ভাৱে আয়োজন কৰে শ্বহীদ দিৱস৷ মঙলদৈ শ্বহীদ উদ্যানত দিনজোৰা কার্যসূচীৰে আয়োজন কৰা শ্বহীদ দিৱসত পুৱা শ্বহীদ তর্পণেৰে আৰম্ভ হয় কার্যসূচী৷ এই কার্যসূচীৰ পিছতে শ্বহীদ স্মৃতিসভা অনুষ্ঠিত হয়৷ আছুৰ কেন্দ্রীয় সম্পাদক শংকৰ বৰুৱাই আঁত ধৰা সভাত সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক নাথসহ কেইবাগৰাকীও কেন্দ্রীয় বিষয়ববীয়াই ভাগ লয়৷ সভাত ড০ ভট্টাচার্যই এনআৰচি আৰু ‘কা’ক লৈ কেইবাটাও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আছুৰ নেতাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি পুনৰ ‘কা’বিৰোধী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ ১২ ডিচেম্বৰৰ পৰা ‘কা’ৰ বিৰুদ্ধে গণহুংকাৰ কার্যসূচী আৰম্ভ কৰিব৷ ‘কা’ আন্দোলনৰ শ্বহীদৰ পৱিত্র স্মৃতিত ১২ ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিব আন্দোলন৷ একেদৰে কাইলৈ আছুসহ সকলো ‘কা’ আন্দোলনত জডিত উত্তৰ–পূবৰ ছাত্র সংগঠনে ক’লাবেজ, ক’লা পতাকা উৰুৱাই প্রতিবাদী কার্যসূচী গ্রহণ কৰিব৷ নেছ’ৰ উদ্যোগত আয়োজিত কার্যসূচীযোগে থলুৱা জাতি–জনগোষ্ঠীৰ সুৰক্ষা আৰু ঐক্যৰ লগতে দমন নীতিৰ বিৰোধিতা কৰিব৷ মন কৰিবলগীয়া যে আছুৰ কেন্দ্রীয় শ্বহীদ দিৱসত দৰঙৰ ৬০গৰাকী শ্বহীদৰ পৰিয়ালক চেলেং চাদৰ, শৰাই আদিৰে ওলগনি জনোৱাৰ লগতে মঞ্চত পৰিচয় কৰোৱাই শ্বহীদৰ পৰিয়ালক অভিবাদন জনোৱা হয়৷ শ্বহীদ বাকৰিত আয়োজিত কার্যসূচীত ভিন্ন দল–সংগঠনৰ লগতে ৰাজনৈতিক নেতা–কর্মীয়েও শ্বহীদলৈ শ্রদ্ধাঞ্জলি জনায়৷ সভাত ইতিমধ্যে প্রকাশ পোৱা এন আৰ চিক লৈ সুখী নহয় বুলি নৱনির্বাচিত সম্পাদক শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰে৷ বৰুৱাই এন আৰ চিক লৈ কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে৷ তাৎপর্যপূর্ণ যে ১৯৭৯ চনৰ ২৭ নৱেম্বৰত কলাইগাঁৱৰ তেজিয়ালপাৰা গাঁৱৰ মুকুন্দ বডোৱে মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত সভালৈ আহি শ্বহীদ হৈছিল যদিও বিষয়টো কোনোপধ্যে আলোচ্য পর্যায়লৈ নাহিল৷ এই সম্পর্কত মৌন হৈ ৰ’ল দৰঙৰ জাতীয় সংগঠনসমূহ৷