‘ছায়েন্স জার্নাল’ত নাৰায়ণপুৰৰ প্রীতমজ্যোতিৰ গৱেষণা–পত্র
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন মেধাৱী ছাত্রই৷ বাংগলুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ গৱেষক ছাত্র প্রীতমজ্যোতি বৰাৰ ভাৰতৰ খৰাং জলবায়ুৰ ওপৰত কৰা গৱেষণাই স্থান লাভ কৰিছে বিশ্ববিখ্যাত আলোচনী ‘ছায়েন্স জার্নাল’ত৷ ‘ছায়েন্স জার্নাল’ত প্রকাশ পোৱা গৱেষণা–পত্রখনত ১৯০১ চনৰ পৰা ২০১৫ চনলৈকে এক শতিকাৰো অধিক সময়ৰ ২৩টা খৰাঙৰ ওপৰত অধ্যয়ন কৰি এক গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ এই তথ্যানুসৰি ভাৰতত হোৱা ৫০ শতাংশ খৰাঙৰ মূল কাৰণ হ’ল নর্থ আটলাণ্টিক মহাসাগৰৰ জলবায়ু তৰংগৰ প্রভাৱ৷
উল্লেখ্য যে ইয়াৰ পূর্বে বিজ্ঞানীসকলে ভাৰতত হোৱা ৫০ শতাংশ খৰাঙৰ মূল কাৰণ হিচাপে প্রশান্ত মহাসাগৰৰ বায়ুমণ্ডলীয় প্রভাৱ বুলি নিশ্চিত হৈছিল যদিও বাকী ৫০ শতাংশ খৰাঙৰ কাৰণ সঠিকভাৱে চিনাক্ত কৰিব পৰা নাছিল৷ প্রীতমজ্যোতি বৰাই তেওঁৰ গাইড আৰু প্রফেছাৰসহ মুঠ চাৰিজন বিশেষজ্ঞৰ সহায়ত এই গৱেষণা সম্পন্ন কৰি গৱেষণা–পত্র ২০১৯ চনত ছায়েন্স জার্নালত প্রকাশৰ বাবে প্রৰণ কৰিছিল৷ সুদীর্ঘ সময় বিবেচনাৰ পাছত ছায়েন্স জার্নালৰ তৰফৰ পৰা যোৱা দুমাহ পূর্বে প্রীতমজ্যোতি বৰাক জানিবলৈ দিয়ে যে তেওঁৰ গৱেষণা প্রতিবেদন প্রকাশৰ বাবে গ্রহণ কৰা হৈছে৷ আজি প্রীতমজ্যোতি বৰুৱাৰ গৱেষণা–পত্র ছায়েন্স জার্নালত প্রকাশ হোৱাৰ লগে লগে দেশ–বিদেশৰ বিজ্ঞান মহলৰ বহুজনে তেওঁক শুভেচছা জ্ঞাপন কৰাৰ লগতে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ দ্বাৰা ৰাষ্ট্রীয় সংবাদ মাধ্যমলৈ প্রেছ বিজ্ঞপ্তি প্রেৰণ কৰা হৈছে৷
প্রীতমজ্যোতি বৰাৰ লগতে এই গৱেষণা–পত্রত তেওঁৰ গাইড আৰু সহযোগী ৰূপে নাম প্রকাশ হোৱাসকল হ’ল– পি জে বৰা, ভি বেণুগোপাল, জে সুখাত্মে, পি মুৰেবিহাল আৰু বি এন গোস্বামী৷ ইয়াৰে বি এন গোস্বামী কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক হোৱাৰ বিপৰীতে পি জে বৰা হ’ল বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ চেণ্টাৰ ফৰ এটম’ছফেৰিক এণ্ড অচেনিক ছায়েন্সেছৰ অধ্যাপক৷ এই প্রতিবেদকৰে হোৱা বার্তালাপত প্রীতমজ্যোতি বৰাই কয়– ‘আজি মোৰ প্রতিবেদন বিশ্ববিখ্যাত ছায়েন্স জার্নালত প্রকাশ পোৱাত মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ৷ তিনি বছৰজোৰা গৱেষণা আৰু অধ্যয়নৰ এক ফল ৰূপে ইয়াক অভিহিত কৰিছোঁ৷’ গাইড আৰু সহযোগীকেইজনক ধন্যবাদ জনাই তেওঁ কয়– ‘বর্তমানলৈকে ভাৰতত হোৱা খৰাংবোৰৰ বহু গুৰুত্বপূর্ণ কাৰক চিনাক্ত কৰাত বিজ্ঞানীসকল সম্পূর্ণভাৱে সফল হোৱা নাছিল৷ আমি এক শতিকাৰো অধিক কালজুৰি ভাৰতত হোৱা খৰাঙৰ তথ্য সংগ্রহ কৰি সেইবোৰ বিশদভাৱে অধ্যয়ন কৰিছিলোঁ৷
এতিয়ালৈকে এটা কথা সকলোৱে জানিছিল যে খৰাং হোৱাৰ মূল কাৰণ এটা প্রশান্ত মহাসাগৰৰ পৰা অহা বায়ুমণ্ডলীয় তৰংগ৷ কিন্তু ২০ আগষ্টৰ পাছৰ পৰা যি খৰাং পৰিৱেশ হয়, তাৰ মূল কাৰণ জানিব পৰা হোৱা নাছিল৷ আমি গৱেষণা কৰি এটা কথা নিশ্চিত হ’লোঁ যে ২০ আগষ্টৰ পাছত বৰষুণৰ পৰিমাণ হ্রাস হৈ খৰাং হোৱাৰ মূল কাৰণ হ’ল নর্থ আটলাণ্টিক মহাসাগৰৰ জলবায়ু তৰংগৰ প্রভাৱ৷ এই জলবায়ু তৰংগই আৰব সাগৰৰ পৰা বলা মৌচুমী বতাহক ভাৰতত প্রৱেশ কৰাত বাধা দিয়াৰ ফলত খৰাঙৰ সৃষ্টি হয়৷ এই তথ্য বিজ্ঞানীসকলৰ বাবে নতুন আছিল আৰু হয়তো সেয়ে ছায়েন্স জার্নালে আমাৰ গৱেষণাক স্বীকৃতি দিলে৷’ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সে প্রকাশ কৰা প্রেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই গৱেষণাই ভাৰতীয় খৰাং পৰিৱেশৰ বিষয়ে এক যুগান্তকাৰী তথ্য আৱিষ্কাৰ কৰিলে৷ প্রশান্ত মহাসাগৰীয়া জলবায়ুৰ প্রভাৱ বা এল নিনোৰ অনুপস্থিতিত ভাৰতত হোৱা খৰাংবোৰৰ কোনো মুখ্য কাৰণ আৱিষ্কাৰ কৰিব পৰা হোৱা নাছিল৷
বিগত এক শতিকাত মুঠ ২৩টা উল্লেখনীয় খৰাঙৰ ভিতৰত ১০টা খৰাঙৰ মুখ্য কাৰণ অনাৱিষৃকত হৈ আছিল৷ কিন্তু ছায়েন্স জার্নালত প্রকাশ পোৱা গৱেষণা–পত্রত এই কথা স্পষ্ট হ’ল যে নর্থ আটলাণ্টিক মহাসাগৰীয় অঞ্চলৰ জলবায়ুৰ তৰংগই ভাৰতত খৰাং সৃষ্টি কৰাত সহায় কৰি আহিছে৷ বতৰৰ ওপৰতে নির্ভৰ কৰি খেতি কৰা দেশৰ কোটি কোটি খেতিয়কৰ বাবে এই গৱেষণাৰ তথ্যই নিশ্চয়কৈ সহায় কৰিব৷ আনহাতে, নাৰায়ণপুৰ উচচতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ জয়ন্ত মাধৱ বৰা আৰু শিক্ষয়িত্রী দিব্যজ্যোতি বৰাৰ জ্যেষ্ঠ সন্তান প্রীতমজ্যোতি বৰাৰ এই সফলতাই সমগ্র অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পৃথিৱীৰ আগশাৰীৰ বিজ্ঞানীসকলৰ গৱেষণা প্রকাশ পাই অহা ছায়েন্স জার্নালত পুত্রৰ গৱেষণা–পত্র প্রকাশ পোৱাত পিতৃ–মাতৃয়ে আনন্দ প্রকাশ কৰে৷ উল্লেখ্য যে নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ পাছত কটনৰ মহাবিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত সুখ্যাতিৰে উত্তীর্ণ হোৱা প্রীতমজ্যোতি বৰাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গ’ল্ড মেডেলসহ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰি বাংগালুৰুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সত পি এইচ ডিৰ বাবে গৱেষণা কৰি আছে৷