নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ টিকাকৰণ আৰু আন্তঃগাঁথনি

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত আটাইতকৈ গুৰুত্বপূর্ণ পর্যায়ত উপনীত হৈছে বিজ্ঞানীসকল৷ ব্রিটেইনে ইতিমধ্যে ফাইজাৰৰ ক’ৰোনা ভেকচিনৰ সামূহিক টিকাকৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ শীঘ্রেই ফাইজাৰকে ধৰি আন কেইবাটাও ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠানৰ ভেকচিন প্রদান কৰাৰ বাবে কেইবাখনো দেশে যো–জা চলাই আছে৷ ভাৰতেও যথাসম্ভৱ শীঘ্রে ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে সাজু হৈছে৷ এইক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজেই উদ্যোগ গ্রহণ কৰিছে৷ থলুৱাভাবে প্রস্তুত কৰা ভেকচিনৰ পৰীক্ষা দ্রুতগতিত অব্যাহত ৰখাৰ লগতে ফাইজাৰৰ সৈতেও প্রাৰম্ভিক পর্যায়ত আলোচনা চলি আছে৷ ফাইজাৰে ভাৰতত ক’ৰোনা ভেকচিন অনতিবিলম্বে প্রদান কৰিব পৰাকৈ চেণ্ড্রেল ড্রাগ্ছ ষ্টেণ্ডার্ডছ কণ্ড্রোল অর্গেনাইজেচনৰ জৰুৰী অনুমোদনৰ বাবে আবেদন জনাইছে৷ নতুন আইন মতে উপৰিউক্ত সংস্থাটোৱে সকলো দিশ বিবেচনা কৰি এনে অনুমতি প্রদান কৰিব পাৰে৷ সম্প্রতি ফাইজাৰৰ আবেদন বিবেচনাধীন হৈ আছে৷ ভাৰতে সঠিকভাৱে সুৰক্ষা আৰু কার্যকাৰিতাৰ দিশটোৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰিছে৷ ইয়াৰ বাবে সম্ভৱতঃ ব্রিটেইন বা আন দেশৰ দৰে ভাৰতত তৎকালে ক’ৰোনাৰ সামূহিক টিকাকৰণ সম্ভৱ হৈ নুঠিব পাৰে৷ ইয়াক লৈ অসন্তুষ্টি বা হতাশা প্রকাশ কৰাটো মুঠেই সমীচীন নহয়৷ কিয়নো, ভেকচিন লওঁতাৰ সুৰক্ষাৰ দিশটো ভালদৰে চালি–জাৰি নচোৱাকৈ আৰু ভেকচিনবিধৰ কার্যকাৰিতাক লৈ এশ শতাংশ নিশ্চিত নোহোৱাকৈ এনে ডাঙৰ সিদ্ধান্ত গ্রহণ কৰাটো বুদ্ধিমানৰ কাম নহয়৷ ব্রিটেইনৰ দৰে কম জনসংখ্যাৰ দেশৰ বিপৰীতে ভাৰতৰ জনবহুল দেশত গণ টিকাকৰণ সহজ নহয়৷ ভাৰতৰ দৰে দেশত আন্তঃগাঁথনিৰ লগতে আনুষংগিক বহু দিশ আহি পৰে৷ উদাহৰণ স্বৰূপে ফাইজাৰৰ ভেকচিন –৭০ ডিগ্রী ছেলচিয়াছত সংৰক্ষণ কৰাটো জৰুৰী৷ কিন্তু ভাৰতত ইমান বৃহৎ পৰিমাণৰ ভেকচিনৰ ড’জ এনে তাপমাত্রাত সংৰক্ষণ কৰিবলৈ পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ হ’ব৷ এনে পৰিপ্রেক্ষিতত ফাইজাৰৰ ভেকচিন বিশাল পৰিসৰ সামৰি একেলগে প্রদান কৰাটো হ’ব আকাশত চাং পতাৰ দৰে কথা৷ এনে পৰিপ্রেক্ষিতত –১০ ডিগ্রী চেণ্টিগ্রেডত সংৰক্ষণ কৰিব পৰা ভেকচিনক ভাৰতৰ দৰে দেশসমূহে অগ্রাধিকাৰ দিয়াৰ সম্ভাৱনা আছে৷ এটা সমীক্ষা মতে ভাৰতত ২০২১ চনত মুঠ ১.৬ বিলিয়ন ড’জ ক’ৰোনা ভেকচিনৰ প্রয়োজন হ’ব৷ এই বৃহৎ পৰিমাণৰ ড’জ শীতল ভাণ্ডাৰত সংৰক্ষণ কৰাটো এটা ডাঙৰ প্রত্যাহ্বান৷ ভাৰতে কিদৰে এই প্রত্যাহ্বানৰ সন্মুখীন হৈ সমস্যা দূৰ কৰিব পাৰে তাৰ ওপৰতে এই সময়ত সর্বাধিক গুৰুত্ব দিয়াটো প্রয়োজনীয়৷
কেন্দ্রীয় চৰকাৰে ভেকচিন আহৰণৰ বাবে পুঁজি ব্যয় কৰাৰ লগতে এই আন্তঃগাঁথনিসমূহৰ বাবেও ব্যাপক হাৰত বিনিয়োগ কৰিবলগীয়া হ’ব৷ সাম্প্রতিক বিত্তীয় পৰিস্থিতিত এয়া এক বৃহৎ প্রত্যাহ্বান৷ ভেকচিন আহৰণৰ বাবে চলাই থকা তৎপৰতাৰ সমান্তৰালভাৱে ভাৰতে এই দিশসমূহতো সমানে গুৰুত্ব দিব লাগে৷ দেশৰ বিভিন্ন প্রান্তলৈ নির্ধাৰিত তাপমাত্রাত ভেকচিনৰ সৰবৰাহ, প্রতিটো অঞ্চলত মজুতকৰণ আৰু সংৰক্ষণৰ পর্যাপ্ত আন্তঃগাঁথনি আৰু গণ টিকাকৰণৰ চক্র নিৰূপণ কৰা কামবিলাক অত্যন্ত নিয়াৰি আৰু নিখুঁত হ’ব লাগিবই৷ সেইদৰে ভেকচিন যদি বিনামূলীয়া কৰা নহয়, তেন্তে অর্থনৈতিকভাৱে দুর্বল শ্রেণীটো ইয়াৰ পৰা বঞ্চিত হ’ব, যাৰ ফলত টিকাকৰণ অভিযানৰ মূল উদ্দেশ্য পূৰণ নহ’ব৷ গতিকে চৰকাৰে এই দৰিদ্র দেশখনৰ আর্থিকভাৱে পিছ পৰা শ্রেণীটোক বিশেষ গুৰুত্ব দি ভেকচিন প্রদানৰ পৰিকল্পনা প্রস্তুত কৰিব লাগিব৷ সেইদৰে এবাৰ গণ টিকাকৰণৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে বিকল্প পৰিকল্পনা আৰু প্রস্তুতি সাজু কৰি ৰাখিব লাগিব৷ যিহেতু ভাৰতে একাধিক ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠানৰ ক’ৰোনা ভেকচিন আহৰণ কৰিবলগীয়া হ’ব, সেয়ে ভেকচিনৰ পার্শ্বক্রিয়াৰ লগতে যিকোনো জৰুৰী পৰিস্থিতি আহি পৰিব পাৰে৷ ভেকচিনৰ বাবে খৰধৰ কৰাৰ সময়ত এনেধৰণৰ দিশবোৰক উপেক্ষা কৰাটো অত্যন্ত বিপজ্জনক হৈ পৰিব পাৰে৷ ভেকচিন প্রস্তুতকাৰকসকলে তৃতীয় পর্যায়ৰ পৰীক্ষণৰ সময়ত সুৰক্ষা আৰু কার্যকৰিতাৰ সম্পূর্ণ তথ্য এতিয়াও দিব পৰা নাই৷ ইয়াৰ বিশ্লেষণৰ বাবে আৰু সময়ৰ প্রয়োজন হ’ব৷ সেয়ে ভাৰতত ক’ৰোনা ভেকচিন প্রদানৰ প্রক্রিয়া আৰম্ভ হ’লেও বিজ্ঞানে এশ শতাংশ নিশ্চিতকৰণেৰে সেউজ সংকেট নিদিয়া পর্যন্ত গণ টিকাকৰণ ব্যাপক কৰি তোলাৰ সম্ভাৱনা নাই৷

You might also like