নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কৃষিখণ্ড উন্নয়নৰ প্রাসংগিকতা

২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত কৃষকৰ পৰিয়াল আছিল ২৭ লাখ৷ বর্তমানে এই সংখ্যা বৃদ্ধি পোৱাটো অতি স্বাভাৱিক৷ কিন্তু সেই অনুপাতেতো ৰাজ্যত কৃষিভূমিৰ পৰিমাণ বৃদ্ধি ঘটোৱাটো প্রয়োজন আছিল যদিও সেয়া সম্ভৱ হৈ উঠাৰ কোনো সম্ভাৱনাই নাই৷ কাৰণ ৰাজ্যৰ ভৌগোলিক সীমাৰ বৃদ্ধি ঘটোৱাটো বাস্তৱত সম্ভৱ নহয়৷ গতিকে পূর্বৰ মাটিখিনিকেই পৰিয়ালৰ বর্ধিত সদস্যৰ মাজত ভগাই ল’ব লগা হ’লত স্বাভাৱিকতেই পৰিয়ালেপতি ভাগত পৰা কৃষিভূমিৰ পৰিমাণ হ্রাস পাইছেই৷ তাতে আকৌ নদীৰ খহনীয়াই ৰাজ্যখনৰ এখন জিলাতকৈও অধিক ভূমি গ্রাস কৰাৰ লগতে ৰাষ্ট্রীয় ঘাইপথ বহলোৱা বা কৃষিভূমি উদ্যোগ প্রতিষ্ঠাৰ নামত চৰকাৰে অধিগ্রহণ কৰা আদি কার্যৰ হেতুকে কৃষিকর্মৰ উপযোগী ভূমিৰ পৰিমাণ কমাটো স্বাভাৱিক হৈ উঠিছে৷ ইফালে, বানপানীয়ে ৰাজ্যত বছৰি গড়ে প্রায় ৯.৩১ লাখ হেক্টৰ কৃষিভূমি অনিষ্ট কৰা, বনৰীয়া হাতীয়ে অবাধে পথাৰৰ ধান অনিষ্ট কৰা, এটকীয়া বা বিনামূলীয়া চাউল যোগানৰ চৰকাৰী আঁচনিৰ সুযোগ গ্রহণৰ উপৰি নির্বাচনৰ সময়ত বহু কৃষকে ঘৰতে বহি ৰাজনৈতিক দলৰ উপঢ়ৌকন আদি লাভৰ সুবিধা মিলাত আৰু বিশেষকৈ অসমত ব্যাপক ৰূপত ঘটিবলৈ ধৰা ৰোৱনী–দাৱনীৰ অভাৱৰ পৰিপ্রেক্ষিতত প্রধানকৈ খাৰিফ শস্য ধানৰ খেতি ‘ভাত খোৱা ভতুৱা’ৰ মাজত ক্রমে উপেক্ষিত হ’বলৈ ধৰাত ৰাজ্যত ধানৰ উৎপাদন হ্রাস পোৱাটো অৱধাৰিত হৈ পৰাৰ প্রমাণ পোৱা গৈছে৷ কিয়নো, যোৱা বছৰ প্রকাশ পোৱা ২০১৭–১৮ বর্ষৰ অর্থনৈতিক জৰীপৰ প্রতিবেদনত এই দিশৰ আভাস পোৱা গৈছে৷ সেইমতে, ২০১৫–১৬ বর্ষত অসমত ব্যৱহূত ২৪.৮৫ লাখ হেক্টৰ ভূমিৰ ধান খেতি অঞ্চল ২০১৬–১৭ বর্ষত ২৪.৬৭ লাখ হেক্টৰলৈ হ্রাস পাইছে৷ একেদৰে, কৃষি আৰু আনুষংগিক খণ্ডই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনলৈ GSDP) আগবঢ়োৱা বৰঙণিও হ্রাস পাইছে বুলি প্রকাশ্য হৈছে৷ সেয়েহে, চলিত মূল্যৰ ভিত্তিত ২০১১–১২ বর্ষত থকা ১৯.৮৯ শতাংশ ২০১৬–১৭ বর্ষত ১৯.৩৪ শতাংশলৈ হ্রাস পোৱাটো সম্ভৱ হৈ উঠিছে (দৈনিক অসম, ২২ এপ্রিল, ২০১৮)৷
লক্ষণীয়, খাৰিফ শস্যৰ বিপৰীতে কিন্তু ৰবি শস্যৰ খেতিৰ ক্ষেত্রত অৱশ্যে এখন ওলোটা ছবি দেখিবলৈ পোৱা যায়৷ বিভিন্ন প্রকাৰৰ শাক–পাচলি, ফুল আৰু ফল–মূলৰ খেতিৰে শীতকালত কৃষকৰ পথাৰ উপচি পৰা দেখা যায়৷ এনে শস্যৰ খেতি হয়তো এফালে খাৰিফ শস্যৰ তুলনাত ভালেখিনি সহজ, আৰামী আৰু কষ্টলঘু আৰু আনফালে কম মাটিতেই অধিক উপার্জনৰ সম্ভাৱনা থকাৰ লগতে আগতীয়াকৈ বজাৰত উলিয়াব পাৰিলে দুপইচা বেছিকৈ পোৱাৰ আশা থকাৰ হেতুকে এনে খেতিৰ প্রতি ৰাজ্যত আগ্রহী কৃষকৰ সংখ্যা কিছু বেছি দেখা যায়৷ তাতেই, ৰ’দ–বৰষুণ তথা বোকা–পানীৰ লগত সহাৱস্থানেৰে কষ্ট কৰাৰ দৰকাৰো এনে খেতিত বহু কম লগাটোও ইয়াৰ প্রতি আগ্রহী হোৱাৰ আন এক কাৰণ হ’ব পাৰে৷ সেয়ে বহু নিবনুৱা যুৱকেও এনে খেতিত উদ্যোগ লোৱা বাস্তৱত পৰিলক্ষিত হয়৷ কোৱা বাহুল্য যে এনে কাৰণতে হয়তো শীতৰ বতৰত ৰবি শস্যৰে ভৰপূৰ হৈ উঠে অসমভূমি৷ বাৰী, ঘৰ, পথাৰ, চৰ, চাপৰি আদিত পূর্ণ প্রকাশ ঘটে শস্যৰ সংবর্ধিত ৰূপ৷ ফলত, বিশেষকৈ ফাগুন–চ’ত মাহৰ সময়ছোৱাত অসম নদন–বদন হৈ পৰে শাক–পাচলিৰ পূর্ণ বিকাশেৰে৷ আৰু লেঠাটো লাগে তাতেই৷ কিয়নো, একে সময়তে কৃষিক্ষেত্রৰ দাঁতিকাষৰীয়া হাট–বজাৰসমূহত উৎপাদিত শস্য এনেভাৱে উভৈনদী হৈ পৰে যে পানীৰ দৰত কিনাৰ বাবেও ক্রেতা নোহোৱা হৈ পৰে৷ ফলত নিৰুপায়ত পৰি অনিচ্ছা সত্ত্বেও আমাৰ কৃষকে পথাৰৰ শস্য পথাৰতে গেলি–পচি নষ্ট হ’বলৈ এৰি দিব লগা হয় নতুবা বজাৰত বিক্রী কৰিব নোৱাৰি বজাৰতে এৰি আহিব লগাও হয়৷ এনে অৱস্থা আমাৰ ৰাজ্যত বছৰ বছৰ ধৰি আমি সকলোৱে যে প্রত্যক্ষ কৰি থাকোঁ, সেই বিষয়ে উল্লেখ নকৰিলেও হ’ব৷ গতিকে এইবোৰ দশা দেখি–শুনি আমাৰ সন্দেহ ঘনীভূত হয়– দেশৰ প্রধানমন্ত্রী আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্রী, কৃষিমন্ত্রীয়ে সঘনাই দোহাৰি অহা ২০২২ চনত কৃষকৰ উপার্জন দুগুণ কৰাৰ ঘোষণা জানো সঁচাই বাস্তৱত সম্ভৱ হ’ব? নিশ্চয় নহ’ব যদিহে প্রচলিত ধ্যান–ধাৰণা তথা কর্মপন্থাৰ পৰিৱর্তন ঘটোৱা নহয়৷
মন কৰিব লগা যে এনে অবাঞ্ছিত ক্ষতিকাৰক কার্য প্রায় প্রতিবছৰে উক্ত সময়ত ঘটি থাকে যদিও চলিত বছৰত লকডাউনৰ বাবে ক্ষতিৰ পৰিমাণো বহুগুণে বৃদ্ধি পোৱাটো সম্ভৱ হৈ উঠে৷ চলিত বছৰত এই ক্ষতিৰ পৰিমাণ ৰাজ্যৰ কৃষিমন্ত্রীৰ মতে প্রায় ৪০০ কোটি টকা আছিল৷ ক্ষতিৰ পৰিমাণ বাৰু যিয়েই নহওক লাগিলে কিয়, পথাৰত বিস্তৰ ৰূপত হোৱা উৎপাদিত শস্যসমূহৰ গেলি–পচি বা লেৰেলি শুকাই যোৱা অৱস্থা টিভিৰ পর্দাত দেখি উঠি যে প্রতিজন অসমবাসীৰে অন্তৰাত্মা বেয়াকৈ সেমেকি উঠিছিল, তাত সন্দেহ নাই৷ বেংকৰ ঋণ, হাল–পানী আৰু বীজ ক্রয়কে ধৰি হোৱা খৰচ–যতনৰ বিনিময়তহে কৃষকে দেখিবলৈ পাইছিল বিতোপন শস্যৰাজি৷ কিন্তু পৰিশেষত হ’লগৈ কি– হাট–বজাৰ বন্ধ আৰু ঘৰৰ পৰা কম দামত হ’লেও কিনাৰ বাবেও কোনো বেপাৰী নাই৷ সেয়া কম পৰিতাপৰ কথা নাছিল৷ অথচ, তাৰ বিপৰীতে নগৰ–চহৰত সেই একে বস্তুকে লেৰেলা–চেপেটা ৰূপতো অধিক দামত কিনিব লগা হৈছিল৷ মূৰকত লাভৱান হ’ল মধ্যভোগী বণিকসকলহে৷ ইয়াৰ বিপৰীতে যদি ৰাজ্য চৰকাৰৰ উদ্যোগত বিপণন পৰিষদৰ দ্বাৰা কৃষকৰ পৰা শস্যসমূহ উচিত মূল্যত ক্রয় কৰি চহৰ–নগৰত বিক্রীৰ ব্যৱস্থা থাকিলহেঁতেন, তেতিয়া কৃষক আৰু উপভোক্তা উভয়ে উপকৃত হোৱাৰ লগতে নিবনুৱা সংস্থাপনৰ উপায়ো ওলালেহেঁতেন৷ এনে কাম ৰাজ্য চৰকাৰৰ বাবে দুৰূহ হ’ব নোৱাৰে৷ উল্লেখ্য যে এই বিষয়টো অসমৰ কিছুসংখ্যক শুভচিন্তকৰ মাজত চর্চিত হোৱাৰ উপৰি বৈদ্যুতিন মাধ্যমতো আলোচিত হোৱা কার্যতঃ দেখা গৈছিল৷ কিন্তু তেনে সময়তে অপ্রত্যাশিতভাৱে আহি পৰা এক নতুন সমস্যাই অসমপ্রেমীসকলক বাৰুকৈ চিন্তিত কৰি তুলিবলৈ ধৰিলে৷ সেইটো হৈছে– কর্মসূত্রে দেশৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা বৃহৎসংখ্যক যুৱকে ক’ৰোনাৰ বাবে কর্মচ্যুত হৈ নিজ ৰাজ্য অসমলৈ ঘূৰি অহাত ৰাজ্যত নিবনুৱাৰ এক অতিৰিক্ত বোজা আহি পৰে৷ বাতৰিত প্রকাশ পোৱা মতে, তেনে যুৱকৰ সংখ্যা ৭ লাখ মান হ’ব৷ এনেয়েও এতিয়ালৈ ২১ লাখ মান নিবনুৱাই কর্মসংস্থাপন নাপাই অসমত খৰলি খাই থাকিব লগা হৈছেই৷ তাৰ লগত যদি অন্য ৭ লাখৰ সংখ্যা সংযোজিত হ’বলৈ হয়, তেন্তে নিবনুৱাসকলৰ অৱস্থা কি হ’ব?– এনে প্রশ্ণই সকলোকে বিব্রত কৰি তুলিব লাগিছে৷ ইফালে, দেশৰ অর্থনৈতিক মন্দাৱস্থাৰ হেতুকেই যোৱা প্রায় ডেৰ দশকজুৰি চৰকাৰী–র্ধচৰকাৰ্ বিভাগ–প্রতিষ্ঠানত মকৰল হ্রাস পোৱাৰ সমান্তৰালভাৱে পদৰ বিলুপ্তিকৰণো কার্যকৰী কৰি থকা হৈছে আৰু তাৰ সমান্তৰালভাৱে বেচৰকাৰী পর্যায়ৰ চাকৰিতো চাটাই কার্য অব্যাহত ৰখা হৈছে৷ তেন্তে সমস্যা লাঘৱৰ উপায় কি হ’ব– সি সঁচাই এক অতি চিন্তনীয় বিষয়৷ উদ্বেগৰ বিষয়, অসমত জনপ্রিয় হ’বলৈ ধৰা পর্যটন উদ্যোগৰ জৰিয়তেও কিছুসংখ্যক নিবনুৱা সংস্থাপনৰ যি এক সম্ভাৱনা উজ্জ্বল হৈ উঠিছিল, ক’ৰোনাই সেই দিশতো অন্তৰায়ৰ সৃষ্টি কৰিছে৷ তেন্তে উপায় কি?
এতিয়ালৈ এটা উপায়েই বিচাৰি পোৱা গৈছে৷ সেইটো হৈছে– সমন্বিত কৃষি ব্যৱস্থা Integrated Agriculture System) অৱলম্বন, যাৰ জৰিয়তে বৃহৎসংখ্যক নিবনুৱাক নিয়োজিত কৰি অর্থোপার্জনৰ যোগেদি নিজে উপকৃত হোৱাৰ লগতে ৰাজ্যখনকো অর্থনৈতিক দিশত কিছু আগুৱাই নিয়াৰ উপায় কৰিব পৰা হয়৷ এনে কামত কৃষি উৎপাদন বৃদ্ধিৰ সমান্তৰালভাৱে কৃষিভিত্তিক প্রস্তুত সামগ্রীৰ উৎপাদন, মীন তথা পশুধন পালনৰ জৰিয়তে ৰাজ্যত দুগ্ধ তথা দুগ্ধজাত দ্রব্যৰ উৎপাদন বঢ়োৱা আৰু তেনেকৈ মাছ–মাংসৰ উৎপাদন বৃদ্ধিৰ লগতে সকলো উৎপাদিত সামগ্রীৰ বাবে কমেও উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰতে হ’লেও সঠিক বিপণনৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সক্রিয় ভূমিকা গ্রহণ কৰাৰ কথা কোৱা হয়৷ এইটো সকলোৰে জ্ঞাত যে কৃষি আৰু আনুষংগিক ক্ষেত্রৰ পৰিসৰ ৰচাৰ বাবে উঃ–পূর্বাঞ্চলৰ ভিতৰত অসমৰ সুবিধাই সর্বাধিক৷ পৰিবহণ তথা যাতায়াত–যোগাযোগ ব্যৱস্থাৰ দ্বাৰা ইতিমধ্যে অসমৰ লগত এই অঞ্চলৰ সম্পর্ক গাঢ় হৈ উঠিছেই৷ আনহাতে, অন্য ৰাজ্যৰ তুলনাত কৃষি বা ইয়াৰ আনুষংগিক ক্ষেত্রৰ পৰিৱেশ অসমৰ কিছু উন্নত হোৱাত ইয়াত উৎপাদিত দ্রব্যসমূহ বাকী ৰাজ্যৰ চাহিদা পূৰণত ব্যৱহাৰ কৰাটোও সহজ হোৱাটো স্বাভাৱিক৷ অর্থাৎ, অসমৰ উৎপাদিত খাদ্য সামগ্রীৰ বাবে যে উঃ–পূর্বাঞ্চলতে বাণিজ্য গঢ়াটো সম্ভৱ, সি সহজবোধ্য হৈ পৰে৷ প্রণিধানযোগ্য যে যোৱা কিছু মাহ ধৰি এনেধৰণৰ বিষয়সমূহ বিশেষকৈ বৈদ্যুতিন মাধ্যমত চর্চিত হোৱাৰ পিছত ৰাজ্য চৰকাৰৰো বিষয়টোৰ প্রতি মনোযোগ আকর্ষণ হোৱাৰ পিছত যোৱা দুমাহমানৰ পূর্বে তেনে বিষয়ৰ উপায়কৰণৰ বাবে এখন অর্থনৈতিক পৰামর্শদাতা কমিটীও ৰাজ্য চৰকাৰৰ দ্বাৰা গঠন কৰি দিয়া হয়৷ আৰু সেই সমিতিৰ লগত ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি অসমৰ অর্থনৈতিক পৰিৱেশ উন্নতকৰণ আৰু নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্রত কৃষি আৰু সংলগ্ণ খণ্ডৰ বিকাশৰ উপায় ৰচাৰ বাবে দিহা–পৰামর্শ আহ্বান কৰাৰ খবৰো বাতৰিত প্রকাশ পাইছিল৷
এনে খবৰ যে অতি উৎসাহজনক, তাক দোহৰাৰ নিশ্চয় প্রয়োজন নাই৷ কাৰণ ঔদ্যোগিকভাৱে অনগ্রসৰ অথচ কৃষিপ্রধান হোৱাত অসমৰ দৰে ৰাজ্যত কৃষিখণ্ডৰ বিকাশৰ জৰিয়তেহে অর্থনৈতিক উন্নয়ন বা নিবনুৱা সমস্যা লাঘৱ কৰাটো সম্ভৱ হ’ব পাৰে বুলি বিশ্বাস কৰাৰ স্থল আছে৷ বিশেষকৈ সংহত–সমন্বিত কৃষি ব্যৱস্থা অৱলম্বনৰ জৰিয়তে ৰাজ্যৰ খাদ্য নির্ভৰশীলতা বৃদ্ধি আৰু ৰপ্তানি বৃদ্ধিৰ দ্বাৰাই ৰাজ্যৰ অর্থনীতি সবলীকৰণ সম্ভৱ পাৰে বুলি এক দীর্ঘদিনীয়া ধাৰণাই আমাৰ মনৰ মাজত দৃঢ়ভাৱে খোপনি পুতি বহি থকা হেতুকে অন্য কর্মৰ উপৰি কৃষিকর্মক জীৱন উপভোগৰ এক উৎকৃষ্ট মাধ্যমৰূপে নিজে গণ্য কৰি আহিছোঁ৷
এতিয়া অসমৰ উন্নতিকল্পে উল্লিখিত বিষয়ৰ লগত সংগতি ৰক্ষা কৰি কেইটামান বিষয় ইয়াত সন্নিৱিষ্ট কৰিব খুজিছোঁ–
১) অসমত দীর্ঘকালজুৰি ধান, মাহ বা তৈলবীজ আদিকে ধৰি শেহতীয়াভাৱে কৰিবলৈ লোৱা ‘আপেল–বগৰী’ খেতিৰে উল্লেখনীয় সফলতা লাভ কৰাটো সম্ভৱ হৈ উঠিছে যদিও আজিলৈ কোনো এবিধ কৃষিতেই ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিব নোৱাৰাটো আমাৰ বাবে পৰিতাপৰে বিষয় হৈ আছে৷ ইয়াৰ বাবে কিন্তু কৃষকসকলক জগৰীয়া কৰিলে ভুল কৰা হ’ব৷ কাৰণ, আমাৰ দৃঢ় বিশ্বাস যে শাক–পাচলিজাতীয় খেতিৰে ৰাজ্যক স্বাৱলম্বী কৰাৰ দৰে অন্য বহু খেতিৰে অসমক তেনে কৰাৰ সামর্থ্য অসমৰ কৃষকৰ নোহোৱা নহয়৷ তেওঁলোকে তেনে কৰাৰ বাবে প্রয়োজন কেৱল কিছু কৃষি সুৰক্ষা আৰু উৎপাদিত দ্রব্যৰ যথার্থ বজাৰ লাভৰ নিশ্চয়তা প্রদান৷
আমাৰ বোধেৰে সামগ্রিকভাৱে কৃষি ব্যৱস্থাটো হৈছে দূৰৈৰ পাহাৰৰ দৰে৷ দূৰৈৰ পৰা পাহাৰ একোটা শুৱনি বা মসৃণ দেখা গ’লেও কিন্তু ওচৰলৈ গ’লে সেই ছবি একে দেখা নাযায়৷ ওচৰত ধৰা পৰে প্রতিটো পাহাৰেই ঘাইকৈ ওখোৰা–মোখোৰা আৰু খহটা৷ তথাপি ইয়াৰ উচ্চ শিখৰত আৰোহণে কিন্তু মনক অনাবিল আনন্দ যোগায়৷ এই আহৰণৰ সফলতাৰ বাবে প্রয়োজন– সদিচ্ছা, কর্মানুৰাগ, সাহস, ধৈর্য, কষ্টসহিষ্ণুতা আৰু পাহাৰ বগোৱাৰ প্রাথমিক জ্ঞানৰ৷ এনে গুণ আয়ত্ত কৰিব পাৰিলে যে কৃতকার্য অনিবার্য, তাৰ উৎকৃষ্ট উদাহৰণ হৈছে ইজৰাইল৷ লক্ষণীয়, মৰুপ্রধান এই ক্ষুদ্র দেশখনৰ মাটিকালি অসমৰ আধাতকৈও কম মাত্র ২২,১৪৫ বর্গ কিলোমিটাৰহে৷ তথাপি সেই দেশে অন্য দ্রব্যৰ লগতে কৃষিদ্রব্যৰো ভালেখিনি অন্য দেশলৈ ৰপ্তানি ঘটায়৷ ভাৰতবর্ষও এই দেশৰ ক্রেতা৷
২) যিহেতুকে অসম এখন বন্যাপ্রৱণ ৰাজ্য, গতিকে খাৰিফ শস্য, উদ্যান শস্য আৰু মীন–পশুধন পালনৰ ক্ষেত্রবোৰ পার্যমানে ৰাজ্যখনৰ তুলনামূলকভাৱে কম বন্যাগ্রস্ত এলেকাৰ ফালে কেন্দ্রীভূত কৰাটো প্রয়োজনীয়৷ ইয়াৰ বিপৰীতে বন্যাপ্রৱণ এলেকাত ৰবি শস্যৰ খেতিৰ ব্যৱস্থা কৰি কৃষকসকলক হাল, বীজ, সাৰ আদি চৰকাৰীভাৱে যোগান ধৰাৰ লগতে উৎপাদিত শস্যৰ যথোচিত বজাৰ প্রদান, সম্ভৱসাপেক্ষে শীতলীকৰণ ভঁৰাল প্রতিষ্ঠা আৰু দক্ষতা বিকাশ আঁচনিৰ আধাৰত বৃহৎসংখ্যক নিবনুৱাক কৃষিভিত্তিক ক্ষুদ্র পর্যায়ৰ উৎপাদন গোট প্রতিষ্ঠাত চৰকাৰীভাৱে সহায়–সহযোগিতা আগবঢ়ালে সুফলপ্রাপ্তি আশাব্যঞ্জক হোৱাটো সম্ভৱ হৈ উঠিব৷ লগতে উঃ–পূর্বাঞ্চলত কৃষিজাত দ্রব্যৰ বাণিজ্য লাভৰ বাবে এই অঞ্চলৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ লগত সমন্বয় সাধনৰ দ্বাৰা অসমৰ যুৱক–যুৱতীৰ সুৰক্ষা নিশ্চিতকৰণতো ৰাজ্য চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাটো অপৰিহার্য হ’ব লাগিব৷
৩) বাস্তৱত প্রত্যক্ষ কৰা যায় যে প্রতিবছৰেই, বিশেষকৈ ভাদ–আহিন মাহত আমি শাক–পাচলিৰ ক্ষেত্রত ব্যাপক নাটনিৰ সন্মুখীন হ’ব লগা হয় (প্রতিকূল জলবায়ুৰ বাবে)৷ ফলত উক্ত সময়ত আমি প্রধানকৈ মেঘালয়ৰ পৰা অহা পাচলি, যেনে– ভাতকেৰেলা, পটল, স্কোৱাছ, তিয়ঁহ, গাজৰ, জিকা, কোমোৰা, কবি, লেছেৰা, ভেণ্ডি আদিৰ ওপৰত বহুলাংশে নির্ভৰশীল হ’ব লগা হয়৷ সেয়ে তাৰ পৰিৱর্তে উল্লিখিত পাচলিসমূহ আমাৰ ৰাজ্যৰো দুই পাহাৰীয়া জিলা– ডিমা হাছাও আৰু কার্বি আংলঙৰ অংশবিশেষত কৰাৰ প্রয়াস কৰিব পৰা হয় নেকি, সেই সন্দর্ভত ৰাজ্যৰ কৃষি বিভাগে প্রচেষ্টা হাতত লোৱাৰ স্থল আছে যেন ভাব হয়৷
৪) প্রাপ্ত তথ্য মতে, অসমৰ কৃষকৰ ৬৭.৩ শতাংশ লোকৰ বর্তমানে ২ হেক্টৰৰো কম মাটিহে ভাগত আছে৷ তাৰে আকৌ একাংশ কৃষকৰ ম্যাদী পট্টাৰ অন্তর্ভুক্ত নোহোৱা বা নিজৰ নামত পট্টা নথকাৰ হেতুকে শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰাটো কঠিন হৈ পৰাত বহু কৃষক ক্ষতিৰ সন্মুখীন হ’ব লগা হয়৷ সেয়ে, অসমৰ কৃষকৰ বাবে শস্য বীমা আঁচনিৰ নীতিৰ কিছু সৰলীকৰণ কৰাটো প্রয়োজনীয় হ’ব৷ তেহে দেশৰ অন্য প্রান্তৰ দৰে আমাৰ কৃষকো উপকৃত হোৱাৰ উপায় ওলাব৷
উপসংহাৰ ঃ অহা কেইটামান মাহৰ পিছতেই অসমত বিধানসভাৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব (যদিহে ক’ৰোনাই বিশেষ পৰিস্থিতিৰ সৃষ্টি নকৰে)৷ গতিকে মাজৰ এই সময়ছোৱাত অসমৰ কৃষকে কেন্দ্র–ৰাজ্য চৰকাৰৰ ফালৰ পৰা নানা অভিলাষী আঁচনিৰ লগতে অনুদান আদিৰ আশ্বাস, প্রতিশ্রুতি লাভ কৰাত কোনো অস্বাভাৱিকতা নাথাকিব হয়তো৷ গতিকে ইবিলাকক লৈ বাৰু আমি আশ্বস্ত হ’ব পাৰিম নে সিবিলাক কেৱল নির্বাচন হিতার্থী নহৈ প্রকৃতার্থত কৃষক–নিবনুৱা হিতার্থীও হ’ব?

You might also like