নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতৰ পৰিভ্রমী পক্ষীৰ কলৰৱত মুখৰ বুঢ়াচাপৰি অভয়াৰণ্য

জৈৱ–বৈচিত্র্যৰে পৰিপূর্ণ কলিয়াবৰ পর্যটকৰ অন্যতম আকর্ষণীয় কেন্দ্রবিন্দু৷ পূবে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু পশ্চিমে লাওখোৱা অভয়াৰণ্য৷ লাওখোৱা অভয়াৰণ্যৰ অন্তর্গত প্রকৃতিৰ ৰম্যভূমি বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত৷ কলিয়াবৰ তথা নগাঁও জিলাৰ দাঁতিকাষৰত অৱস্থিত এই বন্যপ্রাণী অভয়াৰণ্যখনলৈ নগাঁও তথা কলিয়াবৰ দিশৰ পৰাহে পর্যটক যাবলৈ সুবিধাজনক৷ শোণিতপুৰ জিলাৰ অন্তর্ভুক্ত হ’লেও ব্রহ্মপুত্রৰ দক্ষিণ দিশে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া তথা লাওখোৱা অভয়াৰণ্যৰ লগতে লাগি থকা বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্য বর্তমান কলিয়াবৰ মহকুমা প্রশাসনে পর্যটন ক্ষেত্র হিচাপে গঢ় দিবলৈ বিশেষ ভূমিকা গ্রহণ কৰিছে৷ বুঢ়াচাপৰিৰ জৈৱ– বৈচিত্র্যই পর্যটকক আকর্ষণ কৰে৷

উলূম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়৷ বিভিন্ন চৰাই–চিৰিকটি, এশিঙীয়া গঁড, বনৰীয়া ম’হ, বান্দৰ, দল–হৰিণা, নাহৰফুটুকী বাঘ, বনৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌবান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, ছাগলী, পহু, হাতী ইত্যাদিৰ বিচৰণস্থলী এই বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্য৷ ইফালে, আমৰ’লীয়া হাঁহ, মাছৰোকা, মৌপিয়া, লক্ষ্মী ফেঁচা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, নীলকণ্ঠ, পাকৈঢ়োৰা, ফেঁচু, পাটিশগুণ, বটা চৰাই,বন কুকুৰা,বনচিৰিকা, বামুণ বগলী, বামুণী হাঁহ, খন্তীয়া হাঁহ, গলমণিকা, সখিয়তী, সাতভনী, বৰবগ, বৰটোকোলা, সোণ বাঢ়ৈটোকা, সৰুমুগী হাঁহ, হয়কলি, হাইঠা, হাডগিলা, ঘিলাহাঁহ, চাকৈ–চকোৱা, ৰাজ ভাটৌ, ৰামপৰা, কলীমূৰী হাঁহ, কাও ধনেশ, কাকলি হাঁহ, কাম চৰাই, কুটুম চৰাইৰ কলৰৱত মুখৰ বুঢ়াচাপৰি৷ প্রতি বাৰিষাতে মহাবাহু ব্রহ্মপুত্রৰ পানী এই অভয়াৰণ্যৰ ভিতৰলৈ সোমাই আহে আৰু খৰালিৰ সময়ছোৱাত এইবুঢ়াচাপৰিয়ে ন ৰূপ পায়৷ ডাঠ সেউজীয়া পৰিৱেশে আগুৰি আছে এই অভয়াৰণ্য৷ বুঢ়াচাপৰিত অসংখ্য বগৰী গছ দেখিবলৈ পোৱা যায়, যি পর্যটকৰ বাবে এক আকর্ষণ৷ পর্যটক আহি থাকিব পৰাকৈ বুঢ়াচাপৰিত আছে থকা–খোৱাৰ সু–ব্যৱস্থা৷ মুঠ ৬টাকৈ ৰুমত ১২জনকৈ পর্যটক থাকিব পৰা ব্যৱস্থা আছে৷

ইফালে, বুঢ়াচাপৰিত নিশা টেণ্ট হাউছত থাকিও বুঢ়াচাপৰিৰ সৌন্দর্য উপভোগ কৰিব পৰা সু–ব্যৱস্থা গঢ়ি তুলিছে অভয়াৰণ্য কর্তৃপক্ষই৷ ইতিমধ্যে কলিয়াবৰৰ বিভিন্ন পর্যটন স্থানসমূহ সুন্দৰ ৰূপত গঢ়ি তুলি দেশী–বিদেশী পর্যটকৰ আকর্ষণীয় ক্ষেত্র ৰূপে গঢ়ি তুলি কলিয়াবৰক পর্যটনৰ ক্ষেত্রত বিশেষ মাত্রা দিবলৈ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷ প্রকৃতিপ্রেমী, দক্ষ প্রশাসনিক বিষয়া বিতোপন নেওগে কয় যে এই অভয়াৰণ্যই পর্যটকক যথেষ্ট পৰিৱেশ সম্পর্কীয় জ্ঞানৰ সমল দিব পৰাৰ স্থল আছে৷ দুইখন জিলাৰ সহযোগত এই বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্য পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিব পৰা যাব৷

You might also like