নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান ৰমেন্দ্র নাৰায়ণ কলিতাৰ

আগছিয়াত মহাত্মা পুথিভঁৰালৰ সামূহিক গৃহৰ আধাৰশিলা স্থাপন বিধায়কৰ

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ কিতাপৰ মাজেৰে পোৱা আনন্দ, সুখ, মানৱীয় অনুভূতি অনন্য৷ তাক ম’বাইল, ইণ্টাৰনেট, টিভি আদিৰ লগত তুলনা কৰিব নোৱাৰি৷ কিতাপৰ পৰা লাভ কৰা জ্ঞানে এজন মানুহৰ ব্যক্তিত্বক জীৱনজুৰি প্রভাৱান্বিত কৰে৷– এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ৷ আজি আজাৰা ৰাজহ চক্র এলেকাৰ আগছিয়াত অঞ্চলটোত বৌদ্ধিক আন্দোলনত নেতৃত্ব বহন কৰি অহা আৰু হীৰক জয়ন্তী বর্ষ উদ্যাপন কৰা মহাত্মা পুথিভঁৰাল আৰু সামূহিক গৃহৰ প্রস্তাৱিত দুমহলীয়া নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ আনহাতে, আগছিয়া উন্নয়ন সমিতিৰ সভাপতি কুশল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটীৰ সদস্য সুভাষ শর্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা নিজৰা কলিতা, মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্রী ববিতা বৈশ্য, সদস্যা দীপা বৈশ্য, কনিষ্ঠ অভিযন্তা নৱ লহকৰ, সচিব বাবুল চন্দ্র নাথ, মহাত্মা পুথিভঁৰাল পৰিচালনা কমিটীৰ সমূহ কর্মকর্তা–সদস্য আৰু অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে৷ উল্লেখ্য যে চতুর্দশ বিত্তীয় আয়োগৰ প্রায় ২৪ লাখ টকা ব্যয়ৰে প্রস্তাৱিত দুমহলীয়া মহাত্মা পুথিভঁৰাল আৰু সামূহিক গৃহ নির্মাণ কৰা হ’ব বুলি মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্রী ববিতা বৈশ্যই জানিবলৈ দিছে৷

You might also like