প্রতিযোগিতাৰ ক্ষেত্র ভাৰত মহাসাগৰীয় অঞ্চল
নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটে আজি উল্লেখ কৰিছে যে ভাৰত মহাসাগৰৰ গুৰুত্বপূর্ণ অঞ্চল নিজৰ নিয়ন্ত্রণলৈ নিয়াৰ বাবে বিভিন্ন দেশৰ মাজত আৰম্ভ হৈছে প্রতিযোগিতা৷ ভাৰত মহাসাগৰীয় অঞ্চলত বাহিৰৰ ১২০খনতকৈ অধিক ৰণতৰী এতিয়া বিভিন্ন মিছনৰ সহায়ৰ বাবে মোতায়েন কৰা হৈছে বুলি উল্লেখ কৰি জেনেৰেল ৰাৱাটে উল্লেখ কৰিছে যে বহু দেশৰ মাজত কৌশলপূর্ণ সামুদ্রিক পথৰ সন্ধান চলি আছে৷ এক অনলাইন কনফাৰেঞ্চ সম্বোধি জেনেৰেল ৰাৱাটে তাৎপর্যপূর্ণ মন্তব্য কৰিছে যে বর্তমান কৌশলপূর্ণ অঞ্চল তথা ঘাটীৰ বাবে ভাৰত মহাসাগৰত চলিছে বহু দেশৰ প্রতিযোগিতা৷ বিভিন্ন দেশে ভাৰত মহাসাগৰীয় অঞ্চলত ৰণতৰী মোতায়েন কৰি এক প্রতিযোগিতা সৃষ্টি কৰাৰ লগে লগে অঞ্চলটোৰ গুৰুত্ব বৃদ্ধি পাইছে৷ অৱশ্যে এই প্রতিযোগিতা সত্ত্বেও বর্তমান মুহূর্তলৈ বিস্তীর্ণ এই সাগৰীয় অঞ্চল এতিয়াও শান্তিপূর্ণ অৱস্থাত আছে বুলি গোলকীয় নিৰাপত্তা সন্মিলনত উল্লেখ কৰিছে চিডিএছ ৰাৱাটে৷ লক্ষণীয়ভাৱে ভাৰতীয় নৌসেনাৰ পিছ চোতাল হিচাপে চিহ্ণিত ভাৰত মহাসাগৰ নতুন দিল্লী প্রশাসনৰ বাবেও এক কৌশলপূর্ণ অঞ্চল৷ শেহতীয়াকৈ ভাৰত মহাসাগৰত চীনৰ অভাৱনীয় উপস্থিতিয়ে অৱশ্যে সৃষ্টি কৰিছে বিভিন্ন মহলৰ মাজত কৌতূহল৷