নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কা বিৰোধিতাৰে গোলাঘাটত আছুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ গোলাঘাটত ঢোল-তাল, ডবা-শঙ্খৰ তালে তালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটত পুনৰ ধাৰাবাহিক ভাৱে আৰম্ভ হৈছে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবি কাষত লৈ জিলা ছাত্ৰ সন্থাৰ শতাধিক নেতা কৰ্মীয়ে প্ৰতিবাদ কৰে । বি জে পি চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল লাজ নাই, বি জে পি চৰকাৰ গ’বেক, কা আমি নামানো আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ আকাশ বতাহ।

You might also like