নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ বিটিচি নির্বাচনক অহা বিধানসভা নির্বাচনৰ ছেমিফাইনেল হিচাপে অভিহিত কৰি কংগ্রেছ আৰু এ আই ইউ ডি এফে যৌথভাৱে নির্বাচনী যুঁজত অৱতীর্ণ হৈছিল৷ এই পৰিষদীয় নির্বাচনত কংগ্রেছে ১৩টা আৰু এ আই ইউ ডি এফে ৭টা পৰিষদীয় সমষ্টিত প্রার্থিত্ব আগবঢ়ায়৷ পৰৱর্তী পর্যায়ত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে যৌথভাৱে দুয়ো দলৰে প্রার্থিত্ব থকা ৬টাকৈ পৰিষদীয় সমষ্টি, মুঠ ১২টা সমষ্টিত হেলিকপ্ঢাৰযোগে নির্বাচনী প্রচাৰ পর্যন্ত চলায়৷ নির্বাচনী প্রচাৰ সভাসমূহত ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে বিটিচি নির্বাচনক বিধানসভা নির্বাচনৰ ছেমিফাইনেল বুলি অভিহিত কৰাই নহয়, এইবাৰ বিটিচি পৰিষদ গঠনত কংগ্রেছ–এ আই ইউ ডি এফ মহাজোঁটে নির্ণায়ক ভূমিকা গ্রহণ কৰিব বুলিও প্রকাশ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ মতে, এই নির্বাচনত কোনো এটা দলে ১০খনতকৈ অধিক আসন লাভ নকৰিব আৰু কংগ্রেছ–এ আই ইউ ডি এফৰ সমর্থনত নতুন বিটিচি চৰকাৰ গঠন হ’ব৷ সেই সপোন বুকুত বান্ধি প্রদেশ কংগ্রেছে বিটিচি নির্বাচন সম্পর্কত প্রকাশ কৰা ঘোষণা–পত্রত তেওঁলোকে নির্ণায়ক ভূমিকা গ্রহণ কৰা নতুন বিটিচি চৰকাৰক কি কি কাম কৰিবলৈ বাধ্য কৰাব, সেই সম্পর্কতো অজস্র প্রতিশ্রুতি দিয়ে৷ পিছে আজি ঘোষিত ফলাফলত কংগ্রেছ–এ আই ইউ ডি এফ মহাজোঁট শোচনীয়ভাৱে বিপর্যস্ত হয়৷ দুই দলে যুটীয়াভাৱে প্রতিদ্বন্দ্বিতা কৰা ২০টা পৰিষদীয় সমষ্টিৰ ভিতৰত মাত্র শ্রীৰামপুৰ সমষ্টিতহে জয়লাভ কৰে৷ কংগ্রেছ প্রার্থী সজল সিংহই জয়লাভ কৰাৰ বিপৰীতে তেওঁলোকৰ আন কোনো এগৰাকী প্রার্থীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম নহ’ল৷ ফলত নতুন বিটিচি চৰকাৰত কংগ্রেছ–এ আই ইউ ডি এফে নির্ণায়ক ভূমিকা লোৱাৰ সপোন সপোন হৈয়ে ৰ’ল৷
এই প্রসংগতে উল্লেখনীয় এয়ে যে ২০১০ চনৰ বিটিচি নির্বাচনত কংগ্রেছে ২৩টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি তিনিটা সমষ্টি লাভ কৰিছিল৷ ২০১৫ চনৰ বিটিচি নির্বাচনত কংগ্রেছে ৪০টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি আটাইকেইটাতে পৰাজয়বৰণ কৰে৷ এইবাৰ ১৩টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি মাত্র এটাতহে জয়লাভ কৰে৷ একেদৰে এ আই ইউ ডি এফ দলে ২০১০ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা নাছিল৷ ২০১৫ চনৰ নির্বাচনত ৮টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ৪টাত জয়লাভ কৰে৷ এইবাৰ ৭টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি এটাতো জয়লাভ কৰিব নোৱাৰিলে৷ তদুপৰি এইবাৰ কংগ্রেছ–এ আই ইউ ডি এফ যুটীয়াভাৱে নির্বাচনত অৱতীর্ণ হৈছে৷ ফলাফল পর্যবেক্ষণ কৰিলে দেখা যায় বিগত দিনত জনসাধাৰণে সুকীয়া সুকীয়াকৈ কংগ্রেছ আৰু এ আই ইউ ডি এফক সমর্থন দিছিল৷ কিন্তু দুয়োটা দল একলগ হোৱাৰ লগে লগে জনসমর্থন হ্রাসহে পোৱা পৰিলক্ষিত হ’ল৷ বিধানসভা নির্বাচনৰ ছেমিফাইনেলত প্রকাশ পোৱা এই ফলাফলে জনসাধাৰণে যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা বিচৰা নাই, সেই ছবিখনেই উদঙাই দেখুৱাইছে৷ এনে অৱস্থাত অহা বিধানসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফে বাঁওপন্থীকে ধৰি অন্যান্য ধর্মনিৰপেক্ষ, গণতান্ত্রিক দল–শক্তিৰে মিলি মহাজোঁট গঠনেৰে বিজেপিক পৰাভূত কৰাৰ যি পৰিকল্পনা কৰিছে, সেয়া কিমান দূৰ সফল হয় সময়তহে ক’ব পৰা যাব৷