আমেৰিকাত ফাইজাৰ ভেকচিনৰ ড’জ প্রদানত অনুমতি
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ গ্রেট ব্রিটেইনৰ পাছত ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন দেশবাসীক প্রদানত অনুমতি দিলে আমেৰিকা যুক্তৰাষ্ট্রই৷ ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকা যুক্তৰাষ্ট্রই অহা ২৪ ঘণ্টাৰ ভিতৰত ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিনৰ প্রথমটো ড’জ প্রদান কৰিব৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এক টুইটযোগে এই কথা আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ ৰাষ্ট্রপতিগৰাকীয়ে টুইটত কয়– ‘চিকিৎসাত আশ্চর্য আৰু প্রথম টিকাকৰণ ২৪ ঘণ্টাৰ ভিতৰতে আৰম্ভ হ’ব দেশত৷ দেশখনত এতিয়ালৈকে ১.৮ কোটিৰ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে তিনি লক্ষাধিক লোকৰ প্রাণহানি হৈ ত্রাস সৃষ্টি কৰি থকাৰ সময়তে আজি ৰাষ্ট্রপতিগৰাকীয়ে ক’ভিড–১৯ ভেকচিনৰ গণ টিকাকৰণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে৷
উল্লেখ্য যে গ্রেট ব্রিটেইন, কানাডা, বাহৰেইন, ছৌদি আৰব আৰু মেক্সিকোৰ পাছত ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিনৰ টিকাকৰণ আৰম্ভ কৰাৰ ঘোষণা দিয়া ৬ নম্বৰ দেশ আমেৰিকা৷ দেশখনে এই টিকাকৰণৰ প্রাৰম্ভিক পর্যায়ত অর্থাৎ প্রথম মাহত ২০ নিযুত লোকক ক’ভিড–১৯ ভেকচিন প্রদানৰ লক্ষ্য লৈছে৷ ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন যুটীয়াভাৱে বিকশিত কৰিছে আমেৰিকাৰ বৃহত্তম ঔষধ প্রস্তুত কোম্পানী ফাইজাৰ আৰু জার্মানৰ বায়’এনটেকে৷ এই ভেকচিনটোৰ চূড়ান্ত পর্যায়ৰ পৰীক্ষণত ফলপ্রসূতা ৯৫ শতাংশ হোৱা বাবেই গ্রেট ব্রিটেইনকে ধৰি আমেৰিকা যুক্তৰাষ্ট্রলৈকে বিশ্বৰ ৬খন দেশে এই ভেকচিনটোৰ গণ টিকাকৰণ আৰম্ভ কৰিছে৷