নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ অভাৱনীয় উত্থানেৰে বিটিচি নির্বাচনত চমকপ্রদ সাফল্য লাভ কৰিলে শাসকীয় বিজেপিয়ে৷ বি পি এফৰ সৈতে নির্বাচনী মিত্রতা ভংগ কৰি একক প্রচেষ্টাৰে নির্বাচনৰ তীব্র প্রত্যাহ্বানক নেওচি দলটোৱে লাভ কৰা এই সাফল্যৰ আঁৰৰ ব্যক্তিজন হ’ল ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ উল্লেখ্য যে বিগত ২০১৫ চনৰ নির্বাচনত বিটিচিৰ ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র এখন আসন লাভ কৰা বিজেপিয়ে এইবাৰ বি টি আৰত চাৰিওখন জিলাতে আধিপত্য বিস্তাৰ কৰি ৮খনকৈ আসন দখল কৰিবলৈ সক্ষম হ’ল৷ ৰাজ্যৰ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন দলটোৱে প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত ওদালগুৰি জিলাত চাৰিখন আৰু বাক্সা জিলাত তিনিখন আসন লাভ কৰে৷ লগতে দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা চিৰাং জিলাৰ এটা সমষ্টিত জয়ী হয় বিজেপি প্রার্থী৷ একেদৰে এই বাতৰি যুগুতোৱা পৰলৈকে (নিশা ১২ বজা) কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম সমষ্টিত বিজেপিৰ প্রার্থীগৰাকীয়ে অগ্রগতি লাভ কৰি আছে৷ লক্ষণীয়ভাৱে এইবাৰ বিজেপিয়ে ২৬খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন চাৰিখন আসনত নির্দলীয় প্রার্থীক সমর্থন দিছিল৷ নির্বাচনৰ প্রাক্ক্ষণত বি পি এফৰ সৈতে মিত্রতা ভংগ কৰাৰ কথা ঘোষণা কৰি এককভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ বাবে দলটোৱে গ্রহণ কৰা সিদ্ধান্তই কার্যতঃ দলৰ নেতা–কর্মীসকলৰ সন্মুখত থিয় কৰাইছিল তীব্র প্রত্যাহ্বান৷ কিন্তু এই প্রত্যাহ্বান নেওচি বিটিচিত বিজেপিক এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আগভাগ ল’লে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিটিচিৰ স্বকীয় পৰিচয় বর্তাই ৰাখি সমগ্র বি টি আৰ অঞ্চলটোক এক নতুন ৰূপ দিয়াৰ প্রতিশ্রুতিৰে নির্বাচনত অৱতীর্ণ হোৱা বিজেপিয়ে এইবাৰ বড়ো ৰাইজৰ লগতে আদিবাসী তথা আন খিলঞ্জীয়া লোকৰো পূর্ণ সমর্থন লাভ কৰে৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ পাছত বিজেপিৰ বাবে নির্বাচনৰ পৰিৱেশ যথেষ্ট সেমেকা আছিল যদিও বিটিচিত ড০ শর্মাৰ প্রৱেশে দলটোক উজ্জীৱিত কৰি তোলে৷ পদযাত্রা, বাইক ৰেলী, বিশাল নির্বাচনী সভাৰে ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আৰু চিৰাঙত মন্ত্রীগৰাকীয়ে দলটোৰ সমর্থনত সৃষ্টি কৰা চমকে নির্বাচনৰ ফলাফল সলনি কৰি দিলে৷ বিটিচিত নিস্তেজ হৈ থকা বিজেপিৰ ৫.৪০ লাখ কার্যকর্তাক নির্বাচনৰ বাবে উদ্বুদ্ধ কৰি যোৱাকেইদিনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই চলোৱা জোৰদাৰ প্রচাৰ অভিযানে বিটিচিত বিজেপিৰ পৰিৱেশ সলনি কৰি দিয়াই নহয়, এক শক্তিশালী দল হিচাপে প্রথমবাৰৰ বাবে বি টি আৰত অধিষ্ঠিত হ’ল বিজেপি৷ নির্বাচনী প্রচাৰ অভিযানত এইবাৰ প্রতিখন সভাতে বড়ো ৰাইজৰ বিপুল সমর্থনে কার্যতঃ আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ পথ যথেষ্ট মসৃণ কৰি তুলিলে৷ উল্লেখ্য যে বিজেপিয়ে এইবাৰ বিটিচি নির্বাচনক ছেমিফাইনেল আৰু বিধানসভা নির্বাচন ফাইনেল বুলি ঘোষণা কৰিছিল৷ এই অনুসৰিয়েই ছেমিফাইনেলত দলটোৱে লাভ কৰা এই সাফল্যৰ পাছত বিধানসভা নির্বাচনত এই ফলাফলে কিধৰণে সহায় কৰে সেয়া লক্ষণীয় হ’ব৷