নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনৰ পিছত পুনৰ ফিটনেছ টেষ্টৰ সন্মুখীন হ’ব ৰোহিত

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ ৰাষ্ট্রীয় ক্রিকেট একাডেমীয়ে আঘাতমুক্ত ঘোষণা কৰিলেও টেষ্ট শৃংখলাৰ পূর্বে পুনৰ ফিটনেছ টেষ্টৰ সন্মুখীন হ’ব লাগিব টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাই৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি ক্রিকেটাৰগৰাকীক ক্লিনিকেলী ফিট বুলি ঘোষণা কৰি কয় যে অষ্ট্রেলিয়াত ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনৰ পিছত ৰোহিতৰ ফিটনেছ টীম ইণ্ডিয়াৰ মেডিকেল টীমে পুনৰ এবাৰ পর্যবেক্ষণ কৰিব৷ ইয়াৰ পিছতে শৃংখলাৰ অন্তিম দুখন টেষ্টত অ’পেনাৰগৰাকীৰ অংশগ্রহণ সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ‘বাংগালুৰুস্থিত এন চি এত ৰোহিত শর্মাই সুস্থ অৱস্থালৈ উভতি অহাৰ প্রক্রিয়া সম্পূর্ণ কৰে আৰু তেওঁ এতিয়া ক্লিনিকেলী ফিট৷ আই পি এলত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱাৰ পিছত তেওঁ ১৯ নৱেম্বৰৰ পৰা এন চি এত সুস্থ অৱস্থালৈ উভতি অহাৰ প্রক্রিয়া আৰম্ভ কৰে৷ ৰোহিতৰ শেহতীয়া ফিটনেছক লৈ এন চি এৰ মেডিকেল টীমে সন্তুষ্টি প্রকাশ কৰিছে৷ এতিয়া তেওঁ অষ্ট্রেলিয়ালৈ গৈ ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব৷ এই সময়ছোৱাত বেটছমেনগৰাকীক ফিটনেছৰ এক বিস্তৃত কার্যসূচী ধার্য কৰি দিয়া হৈছে৷ দুসপ্তাহ পিছত টীম ইণ্ডিয়াৰ মেডিকেল টীমে ৰোহিতৰ স্বাস্থ্যৰ বুজ ল’ব আৰু সেই অনুসৰি টেষ্ট শৃংখলাত তেওঁৰ অংশগ্রহণ সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব৷’ বি চি চি আয়ে এক বিবৃতিত এইদৰে কৈছে৷ উল্লেখ্য যে তৃতীয় আৰু চতুর্থ টেষ্টত অংশ লোৱাৰ লক্ষ্যৰে ৰোহিতে সোমবাৰে ছিডনীলৈ উৰা মাৰিব৷

You might also like