১৫ দিনৰ যুদ্ধৰ অস্ত্র মজুত কৰিব ভাৰতে
স্থল–জল–বায়ুত উচ্চপর্যায়ৰ প্রস্তুতি চলি আছে বিপিন ৰাৱাট
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ চুবুৰীয়া ৰাষ্ট্র চীন–পাকিস্তানৰ সৈতে সম্ভাব্য ভয়াৱহ যুদ্ধৰ প্রতি লক্ষ্য ৰাখি দেশৰ সশস্ত্র বাহিনীয়ে ১৫ দিনৰ বাবে মজুত কৰিব অস্ত্র–শস্ত্র৷ লাডাখ সীমান্তত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়ত ১০ দিনৰ বাবে যুদ্ধাস্ত্র মজুত কৰা হৈছিল যদিও সম্প্রতি চুবুৰীয়া ৰাষ্ট্র চীনৰ সমান্তৰালকৈ পাকিস্তানৰ সৈতে সম্ভাব্য যুদ্ধৰ প্রতি লক্ষ্য ৰাখি যুদ্ধৰ অস্ত্র–শস্ত্র ১৫ দিনৰ বাবে মজুত ৰাখিব৷ প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রত প্রকাশ পোৱা মতে, দেশৰ সশস্ত্র বাহিনীৰ বাবে ৫০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশীয় আৰু বিদেশী কোম্পানীৰ পৰা যুদ্ধৰ সঁজুলি আৰু অস্ত্র–শস্ত্র ক্রয় কৰিব৷ ইতিমধ্যে ১০–আই পর্যায়ৰ অস্ত্র মজুত ৰখা হৈছে যদিও চুবুৰীয়া দুই দেশৰ সৈতে যুদ্ধৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি ৫০–আই পর্যায়ৰ অস্ত্র মজুত কৰা হ’ব৷ দেশৰ তিনিও সেনাবাহিনী ক্রমে স্থল, নৌ আৰু বায়ুসেনা বাহিনীৰ উপ–মুৰব্বীৰ বিত্তীয় ক্ষমতা উৰিৰ সন্ত্রাসবাদী আক্রমণৰ পাছত ১০০ কোটিৰ পৰা ৫০০ কোটিলৈ বৃদ্ধি কৰা হৈছিল৷ আনপিনে দেশৰ চি ডি এছ জেনেৰেল বিপিন ৰাৱাটে স্থল, জল আৰু বায়ুসেনাক উচ্চ পর্যায়ৰ প্রস্তুতি চলাই থকা বুলি নিশ্চিত কৰিছে৷ চীনে নর্দান সীমান্ত এল এ চিত যথাস্থিতি পৰিৱর্তন কৰিবলৈ বিচৰাৰ পাছতে দেশৰ তিনি সেনাবাহিনী শক্তিশালী কৰাৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰা হৈছে বুলি কয় চি ডি এছ জেনেৰেল ৰাৱাটে৷ দেশৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি কোনো ধৰণৰ খুঁত নৰখাকৈ জল, স্থল আৰু বায়ুক উচ্চ পর্যায়ৰ প্রস্তুতি চলাই থকা হৈছে৷ লাডাখৰ সমান্তৰালকৈ চীনে তিব্বত স্বতন্ত্র অঞ্চলত ভাৰতক প্রতিহত কৰাৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰাৰ বাবে নতুন দিল্লীয়েও এইক্ষেত্রত সীমান্তত পদক্ষেপ গ্রহণ কৰিছে বুলি কয় চি ডি এছগৰাকীয়ে৷ উল্লেখ্য যে যোৱা মে’ মাহৰ পৰাই লাডাখৰ পূব প্রান্তৰ এল এ চিত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত উত্তেজনা অব্যাহত আছে৷ এই সন্দর্ভত আজি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় যে এল এ চিত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰা হৈছে৷ আগ্রাসী চীনক উক্ত বিবদমান অঞ্চলৰ কিছু ঠাইৰ পৰা সাহসী দেশৰ সেনাই খেদি পঠিয়াবলৈ সক্ষম হৈছে৷ দেশৰ ঔদ্যোগিক সংস্থা এফ আই চি চি আইৰ বার্ষিক সাধাৰণ সভাক সম্বোধন কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে ভাৰতৰ হিমালয়ৰ সীমান্তত চুবুৰীয়া ৰাষ্ট্রৰ অপ্রৰোচিত আগ্রাসন কিদৰে দেশৰ সেনাই প্রতিহত কৰিছে, সেয়া পৃথিৱীয়ে দেখিছে৷ সমগ্র বিশ্বই এই কথাও প্রত্যক্ষ কৰিছে যে চুবুৰীয়া ৰাষ্ট্রখনে কেনেদৰে চলিত চুক্তিক পৰিৱর্তন কৰিব বিচাৰিছে৷ চীনে অকল হিমালয়ৰ সীমান্ততে নহয়, ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলতো আগ্রাসী ভূমিকা গ্রহণ কৰি আহিছে বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷