বিটিআৰত পৰিৱর্তন
বিটিআৰত হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটিছে৷ ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা অৱস্থাতে বিটিআৰত পৰিষদীয় নির্বাচনে ৰাজনীতিলৈ কঢ়িয়াই আনিছে এক নতুন সমীকৰণ৷ বিজেপিয়ে বিটিআৰত হাগ্রামা মহিলাৰীৰ বিপিএফক বাদ দি ইউপিপিএল আৰু গণ সুৰক্ষা পার্টী (জিএছপি)ৰ সৈতে লগ হৈ পৰিষদ গঠনৰ দিশে আগবাঢ়িছে৷ ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিটিআৰ পৰিষদত প্রমোদ বড়ো মুখ্য কার্যবাহী হ’ব বুলি ঘোষণা কৰিছে৷ ৰাজভৱনত ২১ নির্বাচিত পাৰিষদৰ তৰফৰ পৰা নির্বাচনোত্তৰ মিত্রতাৰ সিদ্ধান্ত লোৱাৰ লগে লগে তাত ছীল–মোহৰ মাৰিছে ৰাজ্যপালে৷ কাইলৈ কোকৰাঝাৰত শপত গ্রহণৰ বাবে ইতিমধ্যে বিজেপি, ইউপিপিএল আৰু জিএছপিৰ তৎপৰতা আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে দিছপুৰত বিপিএফ বিজেপিৰ মিত্রদল যদিও বিটিআৰত বিজেপিয়ে বিপিএফৰ সংগ ত্যাগ কৰি আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে নতুন সমীকৰণৰ চিন্তা–চর্চা চলাইছে৷ বিধানসভা নির্বাচনৰ পূর্বে বিটিআৰৰ এই ৰাজনৈতিক সমীকৰণে বিভিন্ন পক্ষৰ অংকত আউল লগাইছে৷ নির্বাচনত বিপিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ ১৭খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় হাগ্রামা মহিলাৰীৰ বিপিএফ৷ অৱশ্যে নির্বাচনত বিপিএফক সফল বুলিয়েই ক’ব লাগিব৷ ২০১৬ৰ নির্বাচনত মহিলাৰীৰ বিপিএফে লাভ কৰিবলৈ সক্ষম হৈছিল ১৯খন আসন৷ এইবাৰ দুখন আসনহে হেৰুৱাবলগীয়া হৈছে দলটোৱে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ৯খন আসন লাভ কৰি বিটিআৰত দলটোৰ সাংগঠনিক ভেটি মজবুত হোৱাৰ প্রমাণ দাঙি ধৰিছে৷ নৱগঠিত প্রমোদ বড়োৰ ইউপিপিএলে প্রথমটো নির্বাচনতে ১২খন আসনত জয়লাভ কৰি হাগ্রামাৰ বিপিএফৰ বাবে কঢ়িয়াই আনিলে নতুন প্রত্যাহ্বান৷ লক্ষণীয়ভাৱে এই নির্বাচনত চূড়ান্তভাৱে ব্যর্থ হৈছে কংগ্রেছ৷ দলটোৱে এখন আসন লাভ কৰিছে৷ ইফালে গণ সুৰক্ষা পার্টীয়েও এখন আসনতহে জয়লাভ কৰিছে৷
বিটিআৰত নতুন পৰিষদৰ সন্মুখত আহি পৰিব বহু দায়িত্ব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে এবছুৰ পৰা আহি ইউপিপিএল গঠন কৰি প্রথমটো নির্বাচনতেই বিটিআৰৰ মুখ্য কার্যবাহীৰ দায়িত্ব লাভ কৰিবলৈ ওলাইছে প্রমোদ বড়োৱে৷ সুদীর্ঘ ১৭ বছৰত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচিত জনসাধাৰণে যি সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, তাক প্রমোদ বড়ো নেতৃত্বাধীন নতুন পৰিষদে দিবলৈ সক্ষম হ’বনে নাই সেয়া হ’ব লক্ষণীয় কথা৷ এগৰাকী ছাত্রনেতাৰ পৰা আহি বিচক্ষণ ৰাজনীতিক হিচাপে নিজকে প্রমাণ কৰাৰ সুযোগ লাভ কৰিছে প্রমোদ বড়োৱে৷ ইয়াৰ উপৰি বিটিআৰত প্রথমবাৰলৈ কোনো ৰাষ্ট্রীয় ৰাজনৈতিক দল পৰিষদৰ অংশীদাৰ হৈছে৷ গতিকে মিত্রতা অক্ষত ৰাখি বিটিআৰ পৰিষদত প্রমোদ বড়োৱে সকলো লোকৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’বনে নাই তাৰ ওপৰত নজৰ থাকিব বিভিন্ন মহলৰ৷ বিটিআৰত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে বাস কৰি আছে৷ বিভিন্ন সময়ত অজনজাতীয় লোকসকলৰ মাজৰ পৰা অসন্তুষ্টিৰ পৰিৱেশ সৃষ্টি হৈছিল৷ হাগ্রামা মহিলাৰীয়ে সকলো জনগোষ্ঠীৰ আশা–আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ অভিযোগো উত্থাপন হৈছিল৷ এইবাৰ প্রমোদ বড়ো নেতৃত্বাধীন নতুন বিটিআৰ পৰিষদে সেই অভিযোগবোৰ নাইকিয়া কৰিবলৈ কেনেধৰণে প্রচেষ্টা হাতত লয়, সেয়াও হ’ব লক্ষণীয় বিষয়৷ বিটিআৰৰ নতুন ৰাজনৈতিক সমীকৰণে ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ প্রভাৱ পেলায় সেয়া অন্য কথা৷ কিন্তু আজিৰ মুহূর্তত বিটিআৰৰ জনসাধাৰণে বিচাৰিছে এক সু–শাসন ব্যৱস্থা৷