নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাৰ পোদ্দাৰ কাৰ ৱর্ল্ডত উত্তপ্ত পৰিস্থিতিঃ পুৰণা গাড়ীত ৰং সানি গ্রাহকক বিক্রীৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ মহানগৰীৰ একাংশ গাড়ী বিক্রী প্রতিষ্ঠানত চলিছে ব্যাপক খেলিমেলি৷ একাংশ প্রতিষ্ঠানে পুৰণা গাড়ীত ৰং সানি গ্রাহকক অধিক দামত বিক্রী কৰি প্রতাৰণা কৰি আহিছে৷ শেহতীয়াকৈ খানাপাৰাস্থিত গাড়ী বিক্রীৰ প্রতিষ্ঠান পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে গ্রাহকক নতুন গাড়ীৰ সলনি পুৰণা গাড়ী বিক্রীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিষ্ঠানটোৱে পুৰণা গাড়ীত ৰং সানি নতুন বুলি কৈ গ্রাহকক বিক্রী কৰাৰ অভিযোগত পোদ্দাৰ কাৰ ৱর্ল্ড চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰৱর্তী সময়ত ঘটনাস্থলীত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস আৰু এমভিআই এনফ’চমেণ্টৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ এনফ’চমেণ্ট তথা পৰিবহণ বিষয়াৰ দলটোৱে গ্রাহকৰ অভিযোগৰ ভিত্তিত অভিযান চলাই পোদ্দাৰ কাৰ ৱর্ল্ডৰ বহু নথিপত্র জব্দ কৰাৰ লগতে গোচৰ নিষ্পত্তি নোহোৱাপর্যন্ত কার্যকৰী হোৱাকৈ প্রতিষ্ঠানটোৰ অনুজ্ঞাপত্র বাতিল কৰে৷

তদুপৰি এই নির্দিষ্ট সময়ছোৱাত পোদ্দাৰ কাৰ ৱর্ল্ডক সামগ্রিকভাৱে বন্ধ কৰি ৰখাৰ নির্দেশ দিছে এমভিআই এনফ’চমেণ্টৰ অভিযানকাৰী দলটোৱে৷ উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰত চাংসাৰিৰ মণ্টু বৰা নামৰ এজন গ্রাহকে প্রতিষ্ঠানটোৰ পৰা এখন চেলেৰি’ বাহন ক্রয় কৰিছিল৷ বাহনখন ক্রয় কৰাৰ পিছত প্রতিষ্ঠানটোৱে পুৰণা গাড়ীত ৰং সানি তেওঁক বিক্রী কৰা বুলি সন্দেহ হোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া আৰু এনফ’চমেণ্টক অভিযোগ দাখিল কৰে৷ অভিযোগৰ ভিত্তিত আজি অভিযান চলাই এনফ’চমেণ্টৰ দলটোৱে বাহনখনত ৰং সানি বিক্রী কৰা বুলি ধৰা পেলায়৷ ইপিনে, পোদ্দাৰ কাৰ ৱর্ল্ড কর্তৃপক্ষই এই অভিযোগ স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে৷ প্রতিষ্ঠানটোৰ পৰিচালন সঞ্চালকৰ ভাষ্য অনুসৰি গ্রাহক মণ্টু বৰাই এই পুৰণা বাহনখনৰ পৰিৱর্তে আন এখন ছুইফট বাহন বিচাৰিছিল যদিও দামৰ তাৰতম্যৰ বাবে তেওঁক কর্তৃপক্ষই ছুইফট দিয়াৰ বাবে অস্বীকাৰ কৰে৷

উল্লেখ্য যে পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে ইতিপূর্বে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ আয়কৰ বিভাগেও এই পোদ্দাৰ কাৰ ৱর্ল্ডত পূর্বে অভিযান চলাই বহু বিসংগতি ধৰা পেলোৱা বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত শীঘ্রে যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিছে পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু জিলা উপায়ুক্তৰ নির্দেশৰ পিছত জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে মহানগৰীৰ সকলো গাড়ী বিক্রী প্রতিষ্ঠানৰ বিৰুদ্ধে শীঘ্রে অভিযান আৰম্ভ কৰিব বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷

You might also like