নাৰেংগী–চন্দ্রপুৰ ঘাইপথ অৱৰোধেৰে প্রতিবাদ চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ মহানগৰীৰ চন্দ্রপুৰত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত চন্দ্রপুৰবাসীৰ সহযোগত সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নির্বাচনৰ পৰা তিৱা সম্প্রদায় নথকা চন্দ্রপুৰৰ গাঁওসমূহ কর্তন কৰাৰ দাবীত নাৰেংগী–চন্দ্রপুৰ–ম্ ৰাজ্যিক ঘাইপথছোৱাত পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই পথ অৱৰোধ কার্যসূচী প্রায় দিনৰ ১.১৩ বজালৈ চলি থাকে৷ প্রতিবাদকাৰীসকলে ৰাজপথত বহি বৰতাল–ডগৰ আদি লৈ এই নির্বাচন আমি মানি নলওঁ, নির্বাচনৰ পৰা চন্দ্রপুৰৰ অন্তর্ভুক্ত গাঁওসমূহ কর্তন কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ মইমতালি নচলিব, আমাৰ দাবী মানি লওক আদি শ্লোগানেৰে চন্দ্রপুৰৰ ঘাইপথ উত্তাল কৰি তোলে৷ ঘাইপথছোৱাত হোৱা পথ অৱৰোধৰ ফলত তীব্র যান–জঁটৰ সৃষ্টি হয়৷
পিছত চন্দ্রপুৰ ৰাজহ চক্র বিষয়া আৰু নুনমাটি থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত উপস্থিত হৈ প্রতিবাদকাৰীসকলৰ্ লগত আলোচনাত বহে আৰু প্রতিবাদকাৰী তথা চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই শীঘ্রে তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নির্বাচনৰ পৰা এজনো তিৱা সম্প্রদায়ৰ লোক নথকা চন্দ্রপুৰৰ গাঁওসমূহ কর্তন কৰিবলৈ মুখ্যমন্ত্রীলৈ দিয়া এখন স্মাৰক–পত্র ৰাজহ চক্র বিষয়াই গ্রহণ কৰি মুখ্যমন্ত্রীলৈ প্রেৰণ কৰাৰ প্রতিশ্রুতি প্রদান কৰে আৰু কাইলৈ অর্থাৎ ১৫ ডিচেম্বৰত জিলা উপাযুক্তৰ লগত ছাত্র সন্থা আৰু ৰাইজৰ এক আলোচনাত মিলিত কৰোৱাৰ প্রতিশ্রুতি প্রদান কৰাত প্রতিবাদকাৰীয়ে ঘাইপথছোৱাৰ পথ অৱৰোধ উঠাই লয়৷