নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা পৰিষদৰ নির্বাচন বর্জন আমৰি কার্বিৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ  তিৱা স্বায়ওশাসিত পৰিষদৰ নির্বাচনৰ দিন মাজত মাথোঁ এটা দিন বাকী থকাৰ মাজতে নির্বাচন বাতিলৰ দাবীত অব্যাহত আছে আমৰি কার্বিৰ ধাৰাবাহিক আন্দোলন৷ ১৪ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অব্যাহত থকা অবিৰাম অৱস্থান ধর্মঘটৰ মাজতে আজি পুৱা ১১ বজাৰ পৰা শ শ আম্ৰি কার্বি লোকে ৩৭ নং ৰাষ্ট্রীয় পথত এক বিশাল মানৱ–শৃংখল কার্যসূচী ৰূপায়ণ কৰে৷ তেওঁলোকৰ দাবী– শৰীৰত শেষটোপা বিন্দু তেজ থকালৈকে এই সংগ্রাম কৰি যাব৷ তিনি শতাংশ তিৱা বসতিভূমি ডিমৰীয়াৰ ছয় সমষ্টিত তিৱা নির্বাচন পাতিব নোৱাৰিব বুলি দাবী কৰি অহাৰ পিছতো বলপূর্বকভাৱে ১৭ ডিচেম্বৰত এই নির্বাচন পাতিব বিচৰা কার্যক গৰিহণা দিছে আমৰি কার্বি সংগঠনে৷

খিলঞ্জীয়া ভূমি পুত্রসকলৰ কথাত কোনো গুৰুত্ব প্রদান নকৰাত ক্ষুব্ধ হৈছে জনগোষ্ঠীটোৰ ৰাইজ৷ ডিমৰীয়া সমষ্টি, ক্ষেত্রী সমষ্টি, সোণাপুৰ সমষ্টি, ডিগাৰু সমষ্টি, আম্প্রী সমষ্টি আৰু ফং আৰি সমষ্টিত কোনো আম্ৰি কার্বি ৰাইজে ভোটদান নকৰে বুলি স্পষ্ট কৰি দিছে৷ কেইজনমান দালালে এই নির্বাচন ডিমৰীয়াৰ ছয় সমষ্টিত পাতিব লাগে বুলি চৰকাৰক সহযোগ কৰা বুলি সংগঠনকেইটাই উল্লেখ কৰে৷ নির্বাচনৰ দিনাখন সমষ্টিকেইটাত এক অপ্রীতিকৰ পৰিস্থিতি সংঘটিত হোৱাৰো সম্ভাৱনা প্রকত হৈ পৰিছে৷ ইপিনে, কাইলৈও ২২ মাইলৰ চাকনীবাৰীত অবিৰাম ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব আম্ৰি কার্বি ৰাইজে৷

You might also like