নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ নির্বাচনত নামিব আপ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ২০২২ চনত হ’বলগীয়া উত্তৰ প্রদেশ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব আম আদমী পার্টী (আপ)এ৷ দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ শীর্ষ নেতা অৰবিন্দ কেজৰিৱালে আজি এই কথা ঘোষণা কৰিছে৷ উত্তৰ প্রদেশত ৰাজনৈতিক দলবোৰে জনসাধাৰণক প্রতাৰণা কৰা বুলি অভিযোগ কৰিছে কেজৰিৱালে৷ উত্তৰ প্রদেশৰ জনসাধাৰণে কিয় দিল্লীত স্বাস্থ্য সেৱা আৰু শিক্ষাৰ বাবে আহিবলগীয়া হৈছে তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰি কেজৰিৱালে কয় যে ৰাজ্যখনত জনসাধাৰণৰ স্বার্থক গুৰুত্ব দিয়া নাই চৰকাৰে৷

You might also like