জ’ বাইডেনক প্রথমবাৰলৈ শুভেচ্ছা ভ্লামিডিৰ পুটিনৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ইলেক্টৰেল কলেজে আমেৰিকাৰ ৰাষ্ট্রপতিৰ নির্বাচনত ডেম’ক্রেটিক প্রার্থীক জ’ বাইডেন বিজয়ী হোৱা বুলি ঘোষণা কৰাৰ পিছত প্রথমবাৰলৈ ৰাছিয়াই বাইডেনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ ৰাছিয়া আৰু আমেৰিকাই গোলকীয় সমস্যা সমাধানৰ ক্ষেত্রত ঐক্যবদ্ধভাৱে যুঁজ দিব বুলি আশা প্রকাশ কৰিছে মস্কো প্রশাসনে৷
ক্রেমলিনৰ পৰা প্রকাশিত এক বিবৃতিত সদৰী হৈছে এই তথ্য৷ ৰাষ্ট্রপতি পুটিনে প্রকাশ কৰা এই বিবৃতিটোত উল্লেখ কৰা হৈছে যে বাইডেনৰ সৈতে সহযোগিতা তথা যোগাযোগৰ বাবে নেতাগৰাকী সাজু আছে৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বাইডেনলৈ শুভেচ্ছা জ্ঞাপন কৰি এক টেলিগ্রামো প্রেৰণ কৰিছে৷ ৩ নৱেম্বৰৰ নির্বাচনত বাইডেন বিজয়ী হোৱা সত্ত্বেও চীন আৰু ৰাছিয়াই নেতাগৰাকীৰ এই বিজয়ক স্বীকৃতি দিয়া নাছিল৷ কিন্তু আমেৰিকাৰ ইলেক্টৰেল কলেজে বাইডেন বিজয়ী হোৱা বুলি কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত পুটিনে শুভেচ্ছা জ্ঞাপন কৰিছে ডেম’ক্রেটিক ৰাষ্ট্রপতিগৰাকীক৷