নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটক বিধান পৰিষদত অভব্য ঘটনা

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ কর্ণাটক বিধান পৰিষদত আজি নজিৰবিহীন অস্থিৰতাৰ সৃষ্টি হয়৷ বিক্ষুব্ধ বিৰোধীয়ে উপাধ্যক্ষ এছ এল ধর্মে গৌড়াক অধ্যক্ষৰ আসনৰ পৰা বলপূর্বকভাৱে টানি অনা ঘটনাৰ পিছতে বিধান পৰিষদৰ সকলো কাম–কাজ বন্ধ কৰি দিয়া হয়৷ এই ঘটনাক কেন্দ্র কৰি দেশজুৰি ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিধান পৰিষদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে জনতা দলৰ সদস্য তথা উপাধ্যক্ষ ধর্মে গৌড়াই আহি আসন গ্রহণ কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখনীয় যে অধ্যক্ষ কে প্রতাপ চন্দ্র শেট্টীয়ে নীতিবহির্ভূতভাৱে বিধান পৰিষদৰ অধিৱেশন বন্ধ কৰা বুলি অভিযোগ কৰে কংগ্রেছ প্রতিনিধিসকলে৷ এই ঘটনাৰ তীব্র নিন্দা কৰিছে বিজেপি নেতা এছ প্রকাশে৷ নেতাগৰাকীয়ে কয় যে বিধান পৰিষদ হৈছে উচ্চ সদন৷ প্রবীণ, দায়িত্বশীল ৰাজনীতিকসকলৰ পৰা এই সদনত যি আচৰণ আশা কৰা যায়, সেয়া বিৰোধী কংগ্রেছে প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাই৷ লক্ষণীয়ভাৱে পৰিষদত কংগ্রেছ সদস্য প্রকাশ ৰাথোড়ে উপাধ্যক্ষ ধর্মে গৌড়াই অবৈধভাৱে অধ্যক্ষৰ আসনত বহিছিল বুলি উল্লেখ কৰি তেওঁৰ এই আসনত বহাৰ অধিকাৰ নাই বুলিও ঘোষণা কৰিছে৷

You might also like