নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ সংকটঃ জানুৱাৰীৰ শেষত বাজেট অধিৱেশন, ১ ফেব্রুৱাৰীত বাজেট দাখিল

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ঘাতক ক’ভিড–১৯ৰ সংকটৰ পৰিপ্রেক্ষিতত সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহয়৷ কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে অহা শীতকালীন অধিৱেশন অনুষ্ঠিত কৰা নহয় বুলি প্রকাশ কৰিছে৷ লোকসভাত বিৰোধী কংগ্রেছ দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে সংসদৰ শীতকালীন অধিৱেশন হ্রস্বকালীনভাৱে অনুষ্ঠিত কৰি কৃষকৰ আন্দোলন সন্দর্ভত আলোচনা কৰাৰ বাবে পত্র প্রেৰণ কৰিছিল যদিও সেই পত্রৰ উত্তৰ হিচাপে সংসদীয় পৰিক্রমা মন্ত্রী যোশীয়ে ক’ভিডৰ বাবেই শীতকালীন অধিৱেশন অনুষ্ঠিত নহয় বুলি উত্তৰ দিছে৷

শীতকালীন অধিৱেশন অনুষ্ঠিত নহ’লেও অহাবর্ষৰ বাজেট অধিৱেশন জানুৱাৰীৰ শেষত অনুষ্ঠিত হ’ব বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ সেইমর্মে অহা ১ ফেব্রুৱাৰীত বাজেট উত্থাপন কৰা হ’ব৷ উল্লেখ্য যে লোকসভাৰ সাংসদ আৰু ৰাজ্যসভাৰ সাংসদে ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ বাবে শীতকালীন অধিৱেশন অনুষ্ঠিত কৰা উচিত নহয় বুলি লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ সভাপতিক পৰামর্শ আগবঢ়াইছিল৷

ক’ভিড–১৯ৰ বাবে সাংসদসকলে দিল্লী ভ্রমণ কৰাটো বিপজ্জনক হ’ব পাৰে বুলি বিৰোধী দলসমূহে অধিৱেশন অনুষ্ঠিত নকৰাৰ বাবে পৰামর্শ আগবঢ়াইছিল৷ কিন্তু নতুন তিনি কৃষি আইনক লৈ কৃষকসকলে চলাই থকা গইনাৰে বিৰোধী কংগ্রেছে হ্রস্বকালীনভাৱে হ’লেও অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনায়৷ ৰাজনীতিক দলৰ এনে দুমুখীয়া নীতিক নস্যাৎ কৰি কেন্দ্রীয় চৰকাৰে শীতকালীন অধিৱেশন অনুষ্ঠিত নকৰে৷ তাৎপর্যপূর্ণ যে ক’ভিড–১৯ত ৪০তকৈ অধিক সাংসদ আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত সংসদৰ বর্ষাকালীন অধিৱেশন নির্ধাৰিত কার্যসূচীতকৈ এসপ্তাহ পূর্বেই অনির্দিষ্টকাললৈ স্থগিত কৰিবলগীয়া হৈছিল৷

You might also like