ক্রিকেটলৈ উভতিব যুৱৰাজ, শ্রীশান্ত
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অৱসৰৰ সিদ্ধান্ত পাহৰি পুনৰ খেলপথাৰলৈ উভতিবলৈ সাজু হৈছে ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ তাৰকা যুৱৰাজ সিং৷ অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতা চৈয়দ মুস্তাক আলী টি–২০ৰ বাবে পঞ্জাব দলে আজি ঘোষণা কৰা ৩০জনীয়া সম্ভাব্য দলত একালৰ ষ্টাইলিছ বাঁওহতীয়া বেটছমেনগৰাকীৰ নাম অন্তর্ভুক্ত হৈছে৷ ৩৯ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে বিগত বর্ষৰ জুনত অৱসৰৰ কথা ঘোষণা কৰিছিল যদিও পঞ্জাব ক্রিকেট সন্থাৰ অনুৰোধ ৰক্ষা কৰি ঘৰুৱা দলটোৰ হৈ খেলাৰ সিদ্ধান্ত লয়৷
ভাৰতৰ হৈ ৩০৪খন এদিনীয়া, ৪০খন টেষ্ট আৰু ৫৮খন টি–২০ মেচ খেলা যুৱৰাজে শেহতীয়াকৈ ম’হালিৰ পি চি এ ষ্টেডিয়ামত পঞ্জাব দলৰ সৈতে অনুশীলনতো ভাগ লৈছে৷ উল্লেখ্য যে অৱসৰৰ পিছত পঞ্জাবৰ তাৰকাগৰাকীয়ে কানাডাত গ্ল’বেল টি–২০ লীগত অংশ লৈছিল৷ ইফালে, আই পি এলৰ মেচ ফিক্সিং কেলেংকাৰিত সাঙোৰ খাই দীঘলীয়া সময়ৰ বাবে নিলম্বিত হোৱা কেৰালাৰ বহু বিতর্কিত বেগী বলাৰ এছ শ্রীশান্তো ঘৰুৱা ক্রিকেটলৈ প্রত্যাৱর্তনৰ বাবে সাজু হৈছে৷
মুস্তাক আলী টি–২০ৰ বাবে ঘোষিত কেৰালা দলৰ ২৬জনীয়া সম্ভাব্য খেলুৱৈৰ তালিকাত ৩৭ বছৰীয়া শ্রীশান্তৰ নাম অন্তর্ভুক্ত হৈছে৷ ২০০৭ৰ টি–২০ বিশ্বকাপ আৰু ২০১১ৰ এদিনীয়া বিশ্বকাপত অংশ লোৱা ভাৰতীয় দলৰ অন্যতম সদস্যগৰাকীয়ে ২০১১ত ভাৰতৰ হৈ অন্তিমবাৰৰ বাবে খেলিছিল৷