নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০+ৰ লক্ষ্যৰে কঠোৰ হ’ব বিধানসভাৰ প্রার্থী বাছনি প্রক্রিয়া

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ ৰাজ্যত বিৰোধীৰ দুর্বল স্থিতি তথা নেতৃত্বক লৈ চলি অহা অৰিয়াৰিৰ বাবে অহা বিধানসভা নির্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো একপ্রকাৰ অৱধাৰিত হৈ পৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত সমষ্টিয়ে সমষ্টিয়ে শাসক দল বিজেপিৰ প্রার্থিত্বপ্রত্যাশীসক্ মাজত ব্যাপক তৎপৰতা চলিছে৷ আনকি বহু বিধানসভা সমষ্টিত বর্তমান বিজেপিৰ বিধায়ক থকা সত্ত্বেও নতুনকৈ বিভিন্নজনে সবলভাৱে প্রার্থিত্বৰ দাবীদাৰ হৈ উঠিছে৷ মিত্রদল অগপ, গণ শক্তিৰ দখলত থকা বহু সমষ্টিতো এইবাৰ বিজেপিৰ একাংশ নেতাই প্রার্থিত্ব দাবী কৰিছে৷ দলটোৰ ভিতৰচ’ৰাত চলি থকা এনে জল্পনা–কল্পনাৰ মাজতে বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই আসন্ন বিধানসভা নির্বাচনত দলীয় টিকট লাভৰ ক্ষেত্রত বিজেপিৰ কি নীতি তথা চর্ত হ’ব সেই বিষয়ে কার্যতঃ স্পষ্ট কৰি দিয়ে৷ দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ অহা প্রভাৰী পাণ্ডাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এখন সংবাদ মেলত কয়– দলীয় টিকট প্রদানৰ ক্ষেত্রত দলৰ প্রতি থকা অৱদান, নির্বাচনত জয়ী হৈ অহাৰ সম্ভাৱনা আৰু মিত্রতাৰ বিষয়টো চাইহে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ বিজেপিয়ে আন দলৰ দৰে নিজ খেয়াল–খুচি মতে সিদ্ধান্ত গ্রহণ নকৰে৷ দলত সম্পূর্ণ আভ্যন্তৰীণ গণতন্ত্র আছে৷ যোৱা ২৩–২৪ বছৰ ধৰি মই বিজেপিত আছোঁ৷ বিজেপিৰ দৰে আন কোনো দলত তেনে আভ্যন্তৰীণ গণতন্ত্র দেখা নাই৷ প্রভাৰী পাণ্ডাৰ আজিৰ এই ভাষ্যই আসন্ন বিধানসভা নির্বাচনত বিজেপিয়ে ১০+ ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে প্রার্থী বাছনিৰ প্রক্রিয়াত যে কঠোৰতা অৱলম্বন কৰিব তাৰেই ইংগিত প্রদান কৰিছে৷

তদুপৰি মিত্রতাৰ বাবে বর্তমান বিজেপিৰ দখলত থকা কোনো সমষ্টি মিত্রদলক এৰি দিবলগীয়া হ’লে সেই সমষ্টিতো বর্তমানৰ বিধায়কজনে যে প্রার্থিত্বৰ পৰা বঞ্চিত হ’ব, প্রভাৰী পাণ্ডাৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিল৷ দলীয় প্রার্থিত্বৰ প্রসংগত পাণ্ডাই কয় যে সকলো দিশ পর্যবেক্ষণ কৰিহে দলীয় টিকট প্রদান কৰা হ’ব৷ অসমত বর্তমান বিজেপিৰ স্থিতি যথেষ্ট শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় যে কালি তেওঁ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা সভাপতি–জিলা প্রভাৰী, দলৰ বিভিন্ন মর্চাৰ সভাপতি–সাধাৰণ সম্পাদক–বিভিন্ন কোষৰ আহ্বায়ক–সহঃ আহ্বায়ক, দলৰ মুখপাত্র–পেনেলিষ্ট– মাধ্যম কোষ–তথ্য–প্রযুক্তি কোষৰ কার্যকর্তাসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈ দলৰ স্থিতিৰ পর্যালোচনা কৰে৷ তদুপৰি তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু জ্যেষ্ঠ মন্ত্রী, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে যুটীয়াভাৱে বৈঠকত মিলিত হৈ বিস্তৃতভাৱে ৰাজনৈতিক স্থিতি আৰু দলৰ সাংগঠনিক স্থিতিৰ ওপৰত পর্যালোচনা কৰে৷ সেই বৈঠকতে কোন সমষ্টিত কেনেধৰণৰ ৰণকৌশল হ’ব, সেই সম্পর্কতো পর্যালোচনা কৰা হৈছে৷ সেই বৈঠকসমূহ আৰু পর্যালোচনাৰ পাছত তেওঁ নিশ্চিত হৈছে যে অসমত বিজেপি যথেষ্ট শক্তিশালী৷ অহা বিধানসভা নির্বাচনত ১০+ৰ লক্ষ্য যে পূৰণ হ’ব, সেই সন্দর্ভত তেওঁ প্রাৰম্ভিক পর্যালোচনাতে নিশ্চিত হৈছে৷ দলে যুগুতোৱা ৰণনীতিক লৈ তেওঁ আশ্বস্ত৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা চাৰে ছয়টা বছৰত অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ বাবে কৰা কাম–কাজ তথা ৰাজ্য চৰকাৰখনে যোৱা দিনসমূহত অঞ্চলটোৰ সামগ্রিক উন্নয়নৰ বাবে কৰা কাম–কাজৰ বাবে অসমত বিজেপিৰ স্থিতি মজবুত হৈছে৷ যোৱা ৭০ বছৰে চৰকাৰসমূহে কেৱল প্রতিশ্রুতিহে দি আহিছিল, কিন্তু মোদী চৰকাৰ আৰু সোণোৱাল চৰকাৰে কার্যক্ষেত্রত উন্নয়ন সাধন কৰি আহিছে৷ যোৱা ৭০ বছৰত অসমৰ যিমান উন্নয়ন হৈছিল, যোৱা ৬–৭ বছৰত তাতকৈ বহু বেছি উন্নয়ন হৈছে৷ নতুন নতুন মেডিকেল কলেজ, এইমছৰ দৰে প্রজেক্ট হৈ উঠিছে৷ বাট–পথ নির্মাণৰ ক্ষেত্রতো অসমে দুৰন্ত গতিত আগবাঢ়িছে৷ প্রধানমন্ত্রীৰ গ্রাম চড়ক যোজনাৰ লগতে ৰাজ্য চৰকাৰে গ্রহণ কৰা বাট–পথ নির্মাণৰ প্রকল্পসমূহ দ্রুতগতিত আগবাঢ়িছে৷ প্রধানমন্ত্রীৰ আৱাস যোজনাৰ অধীনত ২.৭০ লাখ গৃহ নির্মাণ কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ জৰিয়তে ডি বি টি ব্যৱস্থাৰে ১৯ লাখ পৰিয়ালক মাহে ৮৩০ টকাকৈ দিয়া হৈছে৷ ভূমিহীন এক লাখ পৰিয়ালক মাটিৰ পট্টা দিয়া হৈছে৷ বি টি আৰ আইনৰ জৰিয়তে বড়োভূমিলৈ শান্তি অনা হৈছে৷ ক’ৰোনা নিয়ন্ত্রণৰ ক্ষেত্রতো সফলতা আহিছে৷

শেহতীয়াকৈ বিটিচি নির্বাচনৰ ফলাফলে প্রমাণ কৰি দিছে– অসমত বিজেপিৰ গ্রহণযোগ্যতা বৃদ্ধি পাইছে৷ প্রথমবাৰৰ বাবে বিটিচিত বিজেপিয়ে মিত্রতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷ সংবাদ মেলখনত প্রভাৰী পাণ্ডাই ২০১৬ চনৰ দৰে ২০২১ চনৰ বিধানসভা নির্বাচনতো বিজেপিয়ে মিত্রতাৰে নির্বাচনী ৰণত অৱতীর্ণ হ’ব বুলি প্রকাশ কৰি কয়– অসমত আমাৰ স্থিতি সবল যদিও মিত্রতাৰেই নির্বাচনত অৱতীর্ণ হ’ব৷ যোৱা ৪০ বছৰত বিজেপিয়ে কোনো মিত্রদলক আঁতৰাই পঠিওৱা নাই৷ মিত্রদলৰ ব্যৱহাৰৰ ওপৰতে মিত্রতা নির্ভৰ কৰিব৷ বি পি এফৰে পুনৰ ২০২১ত বিজেপিৰ মিত্রতা থাকিব নে নাই, সেই সম্পর্কত প্রশ্ণ কৰাত প্রভাৰী পাণ্ডাই অতি কৌশলপূর্ণভাৱে কয় যে বিষয়টো তেওঁ বিশ্লেষণ কৰিব৷ ৰাজ্য চৰকাৰত বি পি এফৰ সৈতে বিজেপিৰ মিত্রতা আছিল৷ কিন্তু বিটিচিত অন্য ধৰণৰ হ’ল৷ এতিয়া তেওঁ ‘ফিডবেক’ লৈ আছে৷ সমগ্র বিষয়ৰ ফিডবেক লৈ পর্যালোচনা কৰি সময়ত বি পি এফৰ লগতো কথা পাতিব৷ সংবাদ মেলখনত পাণ্ডাই সম্প্রতি দেশত কৃষি আইনক লৈ চলি থকা আন্দোলনক ৰাজনৈতিক উদ্দেশ্যতহে সেই বিৰোধ কৰা হৈছে বুলি প্রকাশ কৰি কয় যে বিৰোধী দলসমূহে কৃষি আইনৰ বিৰোধিতা কৰিছে৷ কিন্তু নির্বাচনী ইস্তাহাৰত তেওঁলোকে তেনে পৰিৱর্তনৰ সমর্থন কৰিছে৷ নতুন কৃষি আইনে প্রকৃত কৃষকসকলক কোনো ধৰণে ক্ষতিগ্রস্ত নকৰে, উপকৃতহে হ’ব৷ নতুন কৃষি আইনে কৃষকসকলক উচিত মূল্য লাভৰ সুযোগ দিব৷ নূ্যনতম সমর্থন মূল্য বাহাল থাকিব৷ কেৱল মধ্যভোগীসকলহে এই নতুন আইনৰ পৰা ক্ষতিগ্রস্ত হ’ব৷

অসমত কার্গোফ্লাইট আৰম্ভ হোৱাৰ ফলত অসমৰ কৃষকে এতিয়া আনাৰস, নেমু আদি বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ বিৰোধী দল কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে তেওঁলোক ইতিমধ্যে জনতাৰ পৰা আঁতৰি গৈছে৷ গোৱাৰ জিলা পৰিষদৰ নির্বাচন, অসমৰ বিটিচি নির্বাচন, বিহাৰ বিধানসভা নির্বাচন, ৰাজস্থানৰ পঞ্চায়ত নির্বাচন সকলোতে কংগ্রেছ বিধ্বস্ত হৈছে৷ সেইদৰে অসমত নতুনকৈ সৰু সৰু ৰাজনৈতিক দল গঠনৰ প্রসংগতো তেওঁ কয় যে এসময়ত অসমত আঞ্চলিক দলেই চৰকাৰ চলাইছিল৷ আজি তেওঁলোক আমাৰ মিত্রদল৷ পূর্বতেও অসমত সৰু সৰু আঞ্চলিক দল গঠন হৈছিল৷ বিজেপি এটা ৰাষ্ট্রীয় দল, ৰাষ্ট্রীয় দল হ’লেও আঞ্চলিকতাবাদৰ বাবে কাম কৰি আহিছে৷ সংবাদ মেলখনত অসমৰ সহঃ প্রভাৰী পৱন শর্মা, ৰাজ্যিক উপ–সভাপতিদ্বয় জয়ন্ত মল্ল বৰুৱা, স্বপ্ণনীল বৰুৱা, ৰাজ্যিক সম্পাদিকা অকণি দেৱী, মুখ্য মুখপাত্র ৰূপম গোস্বামী, মুখপাত্র পৱিত্র মার্ঘেৰিটা, ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল উপস্থিত থাকে৷

You might also like