নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ বিষয়ে বুজ লৈ এই পদসমূহ যথাসম্ভৱ সোনকালে পূৰণ কৰাৰ বাবে এক অভিযান হাতত ল’বলৈ মুখ্যমন্ত্রী সোণোৱালে মুখ্য সচিবৰ লগতে সংশ্লিষ্ট বিষয়ববীয়াসকলক নির্দেশ দিয়ে৷

ৰাইজৰ বৃহত্তৰ স্বার্থৰ লগতে এক দক্ষ, সঁহাৰিশীল আৰু স্ব–প্রশাসন সুনিশ্চিত কৰাৰ বাবে প্রশাসন ব্যৱস্থাটো অধিক শক্তিশালী কৰি তোলাৰ ওপৰতো মুখ্যমন্ত্রী সোণোৱালে গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে এক দায়িত্বশীল আৰু জবাবদিহি প্রশাসন গঢ়ি তোলাৰ স্বার্থত ৰাজ্য চৰকাৰে অতি সোনকালে চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা অনুমোদিত পদসমূহ পূৰণৰ বাবে এক অভিযান হাতত ল’ব৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে খালী পদত নিযুক্তিৰ এই সিদ্ধান্তই ৰাজ্যখনৰ নিয়োগপ্রত্যাশী যুৱক–যুৱতীসকলক্ স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত সংস্থাপনৰ সুযোগ দিব৷ ৰাজ্যখনৰ প্রতিখন জিলাত থকা আৱর্ত ভৱনসমূহকো আন্তঃগাঁথনি আৰু প্রয়োজনীয় কর্মশক্তিৰে নতুনকৈ সজাই তোলা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷

বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনৰ সর্বস্তৰতে জনসেৱা প্রদান ব্যৱস্থাটো দ্রুততৰ কৰি তুলিবলৈও মুখ্য সচিব জিষ্ণু বৰুৱাক নির্দেশ দিয়ে, যাতে ৰাজ্যৰ প্রতিটো অংশৰ জনসাধাৰণে প্রশাসনৰ সা–সুবিধাসমূহ সমানে লাভ কৰিব পাৰে৷ আজিৰ বৈঠকত শান্তনু ভৰালী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কর্মচাৰী বিভাগ তথা প্রশাসনিক সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ প্রধান সচিব নিৰজ বার্মা, মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তী, সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এছ মণিৱন্বন, সাধাৰণ প্রশাসন বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like