বিটিচি হেৰুৱাই হাগ্রামাৰ নতুন সমীকৰণঃ অজাপৰে চলিছে বিপিএফৰ সঘন যোগাযোগ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ সদ্যসমাপ্ত বিটিচি নির্বাচনত মিত্রদল বিজেপিৰে হোৱা সংঘাত আৰু নির্বাচনী ফলাফলৰ পিছত পুনৰ বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্রত বিজেপিৰ পৰা সঁহাৰি লাভ নকৰাত এতিয়া নতুন সংগীৰ সন্ধানত নামিছে বিপিএফপ্রধান হাগ্রামা মহিলাৰী৷ ইতিমধ্যে কংগ্রেছে হাগ্রামা মহিলাৰীলৈ মিত্রতাৰ হাত আগবঢ়াইছে যদিও বিপিএফে পুনৰ ৰাষ্ট্রীয় দলৰ বোকোচাত উঠিব বিচৰা নাই৷ ইয়াৰ পৰিৱর্তে কোনো আঞ্চলিক দলৰ সৈতেহে মিত্রতা কৰাত বিপিএফে অধিক গুৰুত্ব দিছে৷ এইক্ষেত্রত নৱগঠিত অসম জাতীয় পৰিষদ (এজেপি)ৰ সৈতে মিত্রতাৰ দিশত অগ্রসৰ হোৱাৰ পোষকতা কৰিছে৷
যোৱা কেইটামান দিনৰ ভিতৰত বিপিএফৰ তৰফৰ পৰা জাতীয় পৰিষদৰ কেইবাজনো নেতাৰ সৈতে প্রাৰম্ভিক যোগাযোগ চলা বুলি জানিব পৰা গৈছে৷ বিপিএফৰ এক সূত্রই জানিবলৈ দিয়া মতে, দলক জীয়াই ৰখাৰ স্বার্থতে বিপিএফে ৰাষ্ট্রীয় দলৰ সৈতে মিত্রতাত পুনৰ আবদ্ধ হ’ব বিচৰা নাই৷ ৰাষ্ট্রীয় দলসমূহে আঞ্চলিক দলক যে সদায় গ্রাস কৰিব বিচাৰে, বিপিএফে শেহতীয়াকৈ সেয়া উপলব্ধি কৰিছে৷ যোৱা ২০১৬ চনৰ পৰা তেওঁলোক বিজেপিৰ লগত মিত্রতাত থাকিল যদিও এইবাৰ বিটিচি নির্বাচনৰ সময়ৰ পৰাই তেওঁলোকক মিত্রদলটোৱে অৱহেলা কৰাই নহয়, শত্রুৰ দৰে আচৰণ কৰে৷ আনকি বিটিচি নির্বাচনৰ ফলাফলত বিপিএফে একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱাৰ পিছত দিছপুৰত থকা মিত্রতা সূত্রে তেওঁলোকে বিটিচি পৰিষদ গঠনৰ ক্ষেত্রত বিজেপিৰ পৰা সহায় বিচাৰে৷ কিন্তু বিজেপিয়ে তেওঁলোকক সহায় কৰাৰ পৰিৱর্তে ইউপিপিএল আৰু জিএছপিৰ লগত মিলি বিটিচি পৰিষদখন গঠন কৰে৷ তদুপৰি বিজেপিৰ ৰাজ্যিক নেতৃত্বই অহা বিধানসভা নির্বাচনত তেওঁলোকৰ সৈতে পুনৰ মিত্রতা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷
বিপিএফেও বিজেপিৰ হাতে–ভৰিয়ে ধৰি পুনৰ মিত্রতাপাশত আবদ্ধ নহয়৷ কংগ্রেছে তেওঁলোকক মিত্রতাৰ প্রস্তাৱ দিছে যদিও ৰাষ্ট্রীয় দল হিচাপে এসময়ত বিজেপিৰ দৰে কংগ্রেছেও গ্রাস কৰাৰ আশংকা তেওঁলোকৰ আছে৷ পূর্বতে কংগ্রেছে ইউএমএফ দলক গ্রাস কৰাৰ উদাহৰণ আছে৷ সেয়ে ৰাষ্ট্রীয় দলৰ পৰিৱর্তে তেওঁলোকে দলটোক বচোৱাৰ স্বার্থতেই আঞ্চলিক দলৰ সৈতে মিত্রতা কৰাত অগ্রাধিকাৰ দিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি নৱগঠিত অসম জাতীয় পৰিষদে ৰাজ্যখনত বসবাস কৰা খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাভিমান ৰক্ষা কৰাটো অন্যতম নীতি হিচাপে লৈছে৷ তদুপৰি ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰাৰ ঘোষণা কৰিছে৷ বিপিএফ যিহেতু ক্ষুদ্র ৰাজনৈতিক দল আৰু বিটিচি অঞ্চলত সম্প্রতি ৰাষ্ট্রীয় দলৰ বোকোচাত নথকা আন দল নাই, সেই সূত্রে বিপিএফ এজেপিৰ প্রতি আকর্ষিত হৈছে৷
সকলো হিচাপ–নিকাচ মিলিলে আৰু এজেপিৰ পৰা যথোচিত সঁহাৰি পালে বিপিএফে অনাগত বিধানসভা নির্বাচনত এজেপিৰ সংগী হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ এই সম্পর্কত সূত্রটোৱে কয় যে বিটিচিত ১২টা বিধানসভা সমষ্টি আছে৷ কিন্তু বিটিচিৰ বাহিৰত বড়ো ভোটাৰ অধ্যুষিত গৌৰীপুৰ, গোলকগঞ্জ, বঙাইগাঁও, অভয়াপুৰী (উত্তৰ), সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি, দুধনৈ, বকো, ছয়গাঁও, গুৱাহাটী পশ্চিম, দিছপুৰ, মৰিগাঁও, লাহৰীঘাট, ৰঙিয়া, ঢ়েকীয়াজুলি, বৰছলা, গহপুৰ, ধেমাজি, জোনাই, গোলাঘাট, সৰুপথাৰ, বোকাজান, কার্বি আংলং জিলাৰ চাৰি সমষ্টিকে ধৰি ২৬–২৭টা সমষ্টি আছে৷ সেই সমষ্টিসমূহত বিপিএফে যি দলৰ সৈতে মিত্রতা কৰিব, তেওঁলোকক সমর্থন দি নির্বাচনী ফলাফল সালসলনি কৰি দিব পৰা শক্তি আছে৷ এজেপিৰে তেওঁলোকৰ মিত্রতা হৈ উঠিলে সংশ্লিষ্ট সমষ্টিসমূহত নিশ্চিতভাৱে বড়ো জনগোষ্ঠীৰ ভোট তেওঁলোকৰ পক্ষলৈ নিয়াৰ ব্যৱস্থা কৰিব৷ অৱশ্যে নৱগঠিত অসম জাতীয় পৰিষদে এইক্ষেত্রত কেনে নীতি গ্রহণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷
প্রণিধানযোগ্য এয়ে যে সম্প্রতি বিটিচিত বিপিএফ, ইউপিপিএল, বিজেপিৰ বাহিৰে আন কোনো ৰাষ্ট্রীয় দল আৰু আঞ্চলিক দলৰ গণভিত্তি প্রায় শূন্য৷ সদ্যসমাপ্ত বিটিচি নির্বাচনৰ ফলাফলতেই সেই ছবিখন পৰিষ্কাৰ হৈ উঠিছে৷ কংগ্রেছ–এআইইউডিএফে যুটীয়াভাৱে ২০টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিও মাত্র এখন আসনহে লাভ কৰে৷ অগপই বিপিএফৰ সহযোগত এখন আসনত প্রতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিব নোৱাৰিলে৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণমর্চা আদিৰো বিটিচিত গণভিত্তি শূন্য৷