কালাপাহাৰ বন বিষয়া কার্যালয়ত সোমাল টেংকাৰ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ মহানগৰীত বৃদ্ধি পাইছে ৱাটাৰ টেংকাৰৰ উপদ্রৱ৷ বুধবাৰে মাজনিশা মহানগৰীৰ কালাপাহাৰ খণ্ড বন বিষয়া কার্যালয়ৰ দেৱাল ভাঙি কার্যালয় চৌহদত সোমাল এখন পানীৰ টেংকাৰ৷ নিয়ন্ত্রণ হেৰুৱাই বন বিষয়াৰ কার্যালয়ত প্রৱেশ কৰা পানীৰ টেংকাৰৰ চেপাত কার্যালয় চৌহদত থকা এখন চাৰিচকীয়া বাহনৰ উপৰি এখন বাইকৰ বিস্তৰ ক্ষতি হয়৷
কালাপাহাৰ খণ্ড বন বিষয়াৰ কার্যালয়ৰ এক সূত্রই জনোৱা মতে, বুধবাৰে নিশা প্রায় ২.৩০ বজাত এএছ–০১ এফচি–১৫৪৯ নম্বৰৰ তীব্রবেগী পানীৰ টেংকাৰখন নিয়ন্ত্রণ হেৰুৱাই কালাপাহাৰ খণ্ড বন বিষয়াৰ কার্যালয়ৰ সীমাৰ দেৱাল ভাঙি ভিতৰত প্রৱেশ কৰে৷ পানী পৰিবাহী টেংকাৰখনৰ চেপাত বন বিষয়াৰ কার্যালয় চৌহদত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনৰ লগতে এখন বাইক ভাঙি চূৰমাৰ হয়৷ পিছত বনকর্মীৰ লগতে ফটাশিল আমবাৰী আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷
ইপিনে, দুর্ঘটনা সংঘটিত কৰিয়ে টেংকাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ চালকে অত্যধিক সুৰা পান কৰি গাড়ী চলোৱাৰ বাবেই এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে দুর্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই৷