আজি গুৱাহাটীত মুখ্য ন্যায়াধীশ এছ এ বোবডে
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ৰাজ্যৰ জুডিচিয়েল একাডেমীয়ে আয়োজন কৰা কার্যসূচীত অংশগ্রহণৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব দেশৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে৷ খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত ডব্লিউ ডব্লিউ এফৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কার্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য ন্যায়াধীশগৰাকীয়ে অংশগ্রহণ কৰিব৷
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰয়, ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ কে গোস্বামী, উৰিষ্যাৰ লোকায়ুক্ত অৱসৰপ্রাপ্ত ন্যায়াধীশ অজিত সিঙকে ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ এই অনুষ্ঠানত উপস্থিত থাকিব৷