নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ কোটি টকাত মোদীৰ বাৰানসীৰ কার্যালয় বিক্রী

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সংসদীয় সমষ্টি বাৰানসীত থকা দলীয় কার্যালয় বিক্রী হ’ব৷ বিজেপিৰ এই দলীয় কার্যালয়টোৰ মূল্য ৭ কোটি টকা৷ এনে সম্পত্তিৰ বিজ্ঞাপন বিয়পি পৰিছে ই–কমার্চ ৱেবছাইট ‘অ’এলএক্স’ত৷ বিষয়টোক কেন্দ্র কৰি দেশজুৰি আৰম্ভ হৈছে বিতর্ক৷ লক্ষণীয়ভাৱে এই ঘটনাক লৈ এতিয়া আৰক্ষীৰ ওচৰত অভিযোগো দাখিল হৈছে৷ বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে যে বাৰানসীৰ চাৰিটা কোঠাযুক্ত দলীয় কার্যালয়টোত আছে চাৰিটা বাথৰুম৷ একোটা কোঠাৰ মুঠ কালি ৬,৫০০ বর্গফুট৷ আৰক্ষীক বিজেপিয়ে অভিযোগ দাখিল কৰাৰ পিছতে অৱশ্যে ৱেবছাইটৰ পৰা বিজ্ঞাপন আঁতৰাই দিছে অ’এলএক্সে৷

You might also like