নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ হাটশিঙিমাৰী উপায়ুক্ত কার্যালয়ত নিযুক্তিৰ সুযোগ

দক্ষিণ শালমাৰা–মানকাচৰ জিলাত হাটশিঙিমাৰী উপায়ুক্তৰ কার্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি জিলা উপায়ুক্তই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, জুনিয়ৰ এছিছটেণ্ট (৩) পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ মুঠ পদ তিনিটাৰ ভিতৰত এছ চি, অ’বিচি আৰু অসংৰক্ষিত শিতানত একোটাকৈ পদ থাকিব৷

দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আবেদনকাৰী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীৰ ইংৰাজী/অসমীয়া ভাষাত দক্ষতা থকাৰ লগতেMS Windows, Excel, Power Point, DTP, Internetৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৪০ বছৰ৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা–ভিজ্ঞতাকে ধৰি অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://niyukti.assam.gov.in/ssm ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৮ ডিচেম্বৰ, ২০২০৷

You might also like