নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিউজ লাইভ’ৰ ষ্টুডিঅ’ৰ পৰাই আর্তজনলৈ সহায়ৰ হাত

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ তাৎক্ষণিক পদক্ষেপ

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ আর্থিকভাৱে শোচনীয় কেইবাটাও পৰিয়ালৰ জটিল ৰোগত আক্রান্ত ৰোগী–ভিভাৱকৰ মুখলৈ আজি হাঁহি বিৰিঙাই তোলে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশেষকৈ ধনৰ অভাৱত উন্নত চিকিৎসা গ্রহণৰ পৰা বঞ্চিত যোৰহাট, ডিব্রুগড়, গুৱাহাটী, নলবাৰী, মঙলদৈ, গহপুৰৰ দুর্ভগীয়া পৰিয়ালকেইটাৰ ৰোগী আৰু অভিভাৱকৰ সৈতে পোনপটীয়াকৈ হোৱা কথা–বার্তাৰ পাছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আটাইকে উন্নত চিকিৎসাৰ ব্যৱস্থা গ্রহণৰ সুবিধা দিয়াৰ আশ্বাস দিয়ে৷ দেওবাৰে ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ সৈতে হোৱা ‘প্রেক্ষাপট’ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ সৈতে ৰোগী আৰু অভিভাৱকক পোনপটীয়াকৈ সাক্ষাতৰ ব্যৱস্থা কৰে৷ মাটি–ভেটি বিক্রী কৰি সন্তানৰ চিকিৎসা কৰি ইতিমধ্যে সর্বস্বান্ত হোৱা পৰিয়ালকেইটাক সহায় কৰাৰ বাবে নিউজ লাইভে আজি এই পদক্ষেপ লয়৷ প্রেক্ষাপট অনুষ্ঠানত বিশেষকৈ নলবাৰীৰ তিতিলাৰ ব্রজেশ্বৰ শর্মা আৰু নমিতা দেৱীৰ ব্রেইন ষ্টেম জেলিমা ৰোগত আক্রান্ত হোৱা ৯ বছৰীয়া সন্তান দর্শনা কাশ্যপ, শিৱসাগৰৰ ডিচিয়ালৰ চিন্ময় হাজৰিকাৰ লিভাৰ ছিৰ’ছিছত আক্রান্ত ৭ বছৰীয়া ৰজনী হাজৰিকা আৰু তেজপুৰৰ ডেকাৰগাঁৱৰ ডেকাচুবুৰিৰ ধীৰেন বৰা, যোৰহাটৰ বগৰীগুৰি ১১নং গ্রাণ্টৰ লক্ষ্মীনাথ দত্ত আৰু অনামিকা দত্তৰ কণমানি সন্তান আর্যলিকা দত্ত আৰু নিৰদা বৰাৰ স্নায়ু ৰোগত আক্রান্ত ১২ বছৰীয়া সন্তান মানস বৰাৰ বেমাৰ আৰু ইতিমধ্যে গ্রহণ কৰা চিকিৎসা সম্পর্কে তেওঁলোকৰ সৈতে পোনপটীয়াকৈ বুজ লয়৷

একেটা অনুষ্ঠানতে গোলাঘাটৰ ঢ়েকিয়াল আধলিচুকৰ অপূর্ব হাজৰিকা আৰু মুনমী হাজৰিকাৰ জটিল নার্ভৰ সমস্যাত ভুগি থকা ৫ বছৰীয়া সন্তান ঐশ্বর্যদীপ হাজৰিকা তথা মঙলদৈৰ ১২ বছৰীয়া ঈছিকা জামান, গুৱাহাটীৰ জালুকবাৰীৰ টিনা বৈশ্য, গহপুৰৰ নৱজিৎ দাস, কামৰূপৰ নগৰবেৰাৰ জুনুকা কলিতা (১১ বছৰীয়া) আদিয়ে ভুগি থকা জটিল আৰু দুৰাৰোগ্য ৰোগৰ বিষয়ে তথা তেওঁলোকে গ্রহণ কৰি থকা চিকিৎসাৰ বিষয়ে স্বাস্থ্যমন্ত্রী ড০ শর্মা অৱগত হয়৷ আটাইকেইটা পৰিয়ালৰ অভিভাৱকে তেওঁলোকৰ সন্তানক চিকিৎসা কৰি কার্যতঃ সর্বস্বান্ত হৈ পৰাত প্রেক্ষাপট অনুষ্ঠানৰ জৰিয়তে সহায় কৰিবলৈ স্বাস্থ্যমন্ত্রীগৰাকীক্ কাতৰ অনুৰোধ জনায়৷ ইয়াৰ পাছতে আটাইকেইগৰাকী অভিভাৱকৰ দুৰৱস্থা তথা ধনৰ অভাৱত তেওঁলোকৰ সন্তানৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কথা জানিব পাৰি ষ্টুডি’ৰ পৰাই স্বাস্থ্যমন্ত্রী ড০ শর্মাই আটাইকে উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ ড০ শর্মাৰ এই পদক্ষেপত আশাৰ ৰেঙনি দেখা পাই জীৱন–মৃত্যুৰে যুঁজি থকা সন্তানকেইটিৰ অভিভাৱকে মন্ত্রীগৰাকীক আন্তৰিক ধন্যবাদ জনায় আৰু তেওঁৰ দীর্ঘায়ু কামনা কৰে৷ নিজ সন্তানৰ উন্নত চিকিৎসাৰ বাবে পৰিত্রাণ বিচাৰি হাবাথুৰি খোৱা দুর্ভগীয়া পৰিয়ালকেইটাৰ অভিভাৱকে চকুপানী টুকি নিজ নিজ ঘৰৰ পৰাই মন্ত্রীগৰাকীক সেৱা জনায় আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷ মন্ত্রীগৰাকীৰ আশ্বাসত উক্ত পৰিয়ালকেইটাই হেৰুওৱা জীৱনৰ ছন্দ ঘূৰাই পোৱাৰ আশা দেখে৷ লগতে এই আশ্বাসে আটাইকেইটা পৰিয়ালৰ অভিভাৱক তথা সন্তানৰ মুখত হাঁহি বিৰিঙাই তোলে৷

You might also like