পিষ্টল দেখুৱাই জুবেইৰ আনমক হত্যাৰ চেষ্টা
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত সুৰক্ষিত নহয় নাগৰিক৷ অলপতে হাতীগাঁওস্থিত বাসগৃহত মাজনিশা দুর্বৃত্তই প্রৱেশ কৰি প্রাক্তন বিধায়ক আলী আকবৰ মিঞাৰ দুগৰাকী আত্মীয় যুৱতীক নৃশংসভাৱে আক্রমণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কালি নিশা মহানগৰীৰ ছয়মাইলত আন এক ঘটনা সংঘটিত হয়৷ ছয়মাইলৰ দ্বাৰান্ধাৰ কবৰস্থান পথত থকা এনএছইউআইৰ নেতা জুবেইৰ আনম মজুমদাৰৰ বাসগৃহত পুৱতি নিশা দুর্বৃত্তই প্রৱেশ কৰি এনএছইউআইৰ নেতাগৰাকীৰ লগতে পৰিয়ালৰ লোকক আক্রমণ কৰে৷ এখন ভিআইপি বাহনত অহা দুর্বৃত্তই আনকি মাৰণাস্ত্র দেখুৱাই এনএছইউআইৰ নেতাগৰাকীক প্রাণেমৰাৰ ভাবুকি দিয়ে৷
ভুক্তভোগী জুবেইৰ আনমে জানিবলৈ দিয়া মতে, নিশা প্রায় ২ বজাত দুখন ভিআইপি বাহনেৰে ৭–৮ জনীয়া যুৱকৰ দলে আহি গেট ভাঙি ভিতৰত প্রৱেশ কৰে৷ চৌহদত প্রৱেশ কৰি জুবেইৰ আনমৰ ভাতৃ চুহেইল আনম আৰু তেওঁৰ বন্ধু এজনক ৰডেৰে প্রহাৰ কৰে৷ ইপিনে, এ এছ–০১ ডি টি–০৩৫৭ নম্বৰৰ ফ’ৰচুনাৰ বাহনত অহা দুর্বৃত্তই মাৰণাস্ত্র দেখুৱাই জুবেইৰ আনমক প্রাণেমৰাৰ চেষ্টা কৰে যদিও দুর্বৃত্তৰ আক্রমণৰ পৰা কথমপি ৰক্ষা পৰে৷ ঘটনা সন্দর্ভত ভুক্তভোগী এনএছইউআইৰ নেতা আনমে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷