দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা সামগ্ৰী লুট… ৰহাত ৰঙাঘৰৰ আলহী হ’ল ১২জন
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত নামগাঁৱত এক দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা সামগ্ৰী চুৰ কৰি আৰক্ষীৰ হাতত ১২গৰাকীকৈ স্থানীয় লোক আটক হ’ব লগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১৬ ডিচেম্বৰৰ নিশা প্ৰায় ১:৩৫ বজাত গুৱাহাটীৰ “গতি কিন্তেসু এক্সপ্ৰেছ প্ৰাইভেট লিমিটেড” নামৰ এক কুৰিয়াৰ ছাৰ্ভিচ প্ৰতিষ্ঠানৰ এ এছ-০১ কে চি- ৪৯২৪ নম্বৰৰ এখন ট্ৰাকে কিছু সামগ্ৰী লৈ গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে গতি কৰি থকাৰ সময়ত ৰহাৰ নামগাঁৱত এএছ- ১৭-৫৭৮১ নম্বৰৰ আন এখন ট্ৰাকৰে খুন্দা লগাত ট্ৰাকখন পথৰ দাঁতিত লুটি খাই পৰে।
দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় একাংশ লোকে গৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখনৰ পৰা বিভিন্ন সামগ্ৰী ভৰ্তি থকা কাৰ্টনৰ লগতে কাপোৰৰ বেগ, ফ্ৰীজ, ৱাৰ্চিং মেচিন আদি সামগ্ৰীৰ টোপোলা চুৰ কৰি নিয়ে। পাছত ট্ৰাকখনৰ মালিকে ৰহা আৰক্ষী থানাত ট্ৰাকখনৰ পৰা প্ৰায় ৩১,০৫,৭০২ টকাৰ সামগ্ৰী অন্তৰ্ধান হোৱা বুলি এক গোচৰ ৰুজু কৰে।
এই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাস আৰু সমৰজ্যোতি ডেকাই যৌথ অভিযানত চলাই কালি নিশা নামগাঁৱৰ পৰা ১২ জনকৈ লোকক উক্ত চুৰি বিভিন্ন সামগ্ৰীসহ আটক কৰে। জানিব পৰা মতে উক্ত সামগ্ৰীৰ কাৰ্টনসমূহৰ ভিতৰত সেনাবাহিনীৰ কিছু অতি গুৰুত্বপূৰ্ণ সামগ্ৰীও আছিল বুলি খবৰ পোৱা গৈছে।