নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী মতিলাল ভোৰাৰ আজি ৯৩ বছৰ বয়সত দেহাৱসান ঘটিছে৷ অলপতে ক’ভিড–১৯ৰ পৰা আৰোগ্য লাভ কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে৷ এ আই চি চিত সুদীর্ঘ ১৬ বছৰ ধৰি কোষাধ্যক্ষৰ দায়িত্ব পালন কৰিছিল ভোৰাই৷ এসময়ত উত্তৰ প্রদেশৰ ৰাজ্যপালৰো দায়িত্ব পালন কৰিছিল বর্ষীয়ান নেতাগৰাকীয়ে৷ স্মর্তব্য যে ২০১৮ চনত ভোৰাৰ পৰা এ আই চি চিৰ কোষাধ্যক্ষৰ দায়িত্ব প্রদান কৰা হৈছিল আন এগৰাকী জ্যেষ্ঠ নেতা আহমদ পেটেলক৷ আহমদ পেটেলৰ যোৱা ২৫ নৱেম্বৰত ক’ভিড–১৯ত মৃত্যু হৈছে গুৰুগ্রামৰ এখন হাস্পতালত৷ ইফালে জ্যেষ্ঠ কংগ্রেছ নেতা ভোৰাৰ মৃত্যুত দলৰ নেতা–কর্মীসকলে শোক প্রকাশ কৰাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও গভীৰ শোক প্রকাশ কৰিছে৷ নেতাগৰাকীৰ বিয়োগত প্রধানমন্ত্রী মোদীয়ে টুইটাৰযোগে উল্লেখ কৰিছে যে মতিলাল ভোৰা আছিল কংগ্রেছৰ বর্ষীয়ান নেতাসকলৰ অন্যতম৷
ৰাজনৈতিক কেৰিয়াৰত ভোৰাৰ প্রশাসনিক আৰু সাংগঠনিক ক্ষেত্রত অভিজ্ঞতা অপৰিসীম আছিল বুলি উল্লেখ কৰি মোদীয়ে নেতাগৰাকীৰ বিয়োগত গভীৰ শোক পোৱা বুলি উল্লেখ কৰিছে৷ কেইবাদশক ধৰি বর্ণিল ৰাজনৈতিক ক্ষেত্রখনত ভোৰাই যি দায়িত্ব পালন কৰিছিল, সেয়া কংগ্রেছৰ বাবে এক বৃহৎ ক্ষতি বুলিও উল্লেখ কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ নেতাগৰাকীৰ পৰিয়াল তথা শুভাকাংক্ষীসকললৈ সমবেদনাও জ্ঞাপন কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ দিল্লীৰ এখন হাস্পতালত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা মতিলাল ভোৰাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ছত্তিশগড়ত৷ স্মর্তব্য যে মাত্র এদিন পূর্বে ৯৩ বছৰ সম্পূর্ণ কৰিছিল বর্ষীয়ান নেতাগৰাকীয়ে৷