ৰাহানেৰ সৈতে বিশেষ বৈঠক বিৰাট কোহলিৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ জানুৱাৰীৰ আৰম্ভণিতে প্রথমটো সন্তানক আদৰিবলৈ কাইলৈ অষ্ট্রেলিয়াৰ পৰা স্বদেশলৈ উভতিব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ প্রথম টেষ্টত টীম ইণ্ডিয়া মাত্র ৩৬ ৰানত অলআউট হৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাক লৈ চৌদিশে তীব্র সমালোচনা সৃষ্টি হোৱাৰ সময়তে মঙলবাৰে তাৰকাগৰাকীয়ে দলীয় শিবিৰ ত্যাগ কৰি মুম্বাইলৈ উৰা মাৰিব৷ অৱশ্যে পত্নীক সংগ দিবলৈ স্বদেশলৈ উৰা মাৰিবলৈ সাজু হ’লেও কোহলি টীম ইণ্ডিয়াৰ শেহতীয়া প্রদর্শনক লৈ অত্যন্ত উদ্বিগ্ন৷ সেয়ে তেওঁ দলীয় শিবিৰ এৰাৰ পূর্বে সতীর্থৰ মনোবল বৃদ্ধি কৰিবলৈ যোৱানিশা এক গুৰুত্বপূর্ণ বৈঠকৰ আয়োজন কৰে৷
প্রশিক্ষক ৰবি শাস্ত্রী, ভাৰপ্রাপ্ত অধিনায়ক আজিংক্য ৰাহানেৰ উপস্থিতিত আয়োজিত এই বৈঠকত কোহলিয়ে প্রথম টেষ্টত বিধ্বস্ত হোৱা টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ চেষ্টা চলায়৷ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বক্সিং ডে’ টেষ্টত সাহসেৰে অৱতীর্ণ হ’বলৈ তেওঁ সতীর্থসকলক আহ্বান জনায়৷ উল্লেখ্য যে সন্তানসম্ভৱা পত্নী অনুষ্কা শর্মাক সংগ দিবলৈ কোহলিয়ে প্রথম টেষ্টৰ পিছতে স্বদেশলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল৷ তেওঁৰ অনুপস্থিতিত দ্বিতীয় টেষ্টত লোকেশ ৰাহুলে মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে৷