থাই মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ থাইলেণ্ডৰ এক মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ স্বাস্থ্য বিভাগে ক’ৰোনা টেষ্ট ক্ষিপ্রতৰ কৰি তুলিছে৷ দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ ছামুট ছাখনত মাত্র দুদিন পূর্বে ক’ভিডত আক্রান্ত হৈছিল চাৰিগৰাকী লোক৷ কিন্তু দুদিন পিছতে অঞ্চলটোত আক্রান্ত হৈছে ৬৮৯গৰাকী লোক৷
জনস্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এই অঞ্চলটো হৈছে সামুদ্রিক খাদ্য তথা মিছামাছৰ বৃহৎ বজাৰৰ বাবে জনাজাত৷ অঞ্চলটোত আছে কেইবাহাজাৰো প্রব্রজিত শ্রমিক৷ লক্ষণীয়ভাৱে প্রতিদিনে অঞ্চলটোত ৪০ হাজাৰকৈ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে থাইলেণ্ডৰ স্বাস্থ্য বিভাগে৷ পূর্বে থাইলেণ্ডত মাত্র ৫ হাজাৰ লোক ক’ভিডত আক্রান্ত হৈছিল৷ এতিয়া দেশখনত ভাইৰাছবিধে সংহাৰ সৃষ্টি কৰিব বুলি আশংকা কৰিছে চৰকাৰে৷