নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীয়ে তৃণমূল কংগ্রেছত যোগদান কৰাৰ বাবেই সংবাদ মেল পাতি বিবাহ বিচ্ছেদৰ হুংকাৰ বিজেপি স্বামীৰ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ  পশ্চিমবংগত তৃণমূল কংগ্রেছৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ সময়তে ৰাজ্যখনৰ ভাৰতীয় জনতা যুৱ মর্চা (বিজেৱাইএম)ৰ সভাপতি সৌমিত্র খানৰ পত্নী সুজাতা মণ্ডল খানে যোগদান কৰিছে তৃণমূল কংগ্রেছত৷ ৰাজ্যখনত মূল বিৰোধী দল হিচাপে থকা বিজেপিয়ে অন্য দলৰ দুর্নীতিগ্রস্ত আৰু ক্ষমতালোভী নেতাসকলক বিভিন্ন পদত বহুওৱা বুলি অভিযোগ কৰিছে সুজাতা মণ্ডল খানে৷ মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে বিজেপিৰ সংকটৰ সময়ত তেওঁ দলৰ বাবে যথেষ্ট কাম কৰিছিল যদিও এতিয়া দলটোৰ প্রতি কোনোধৰণৰ সন্মান নাই৷

লগতে পঢ়কঃ পর্ন DVD ভাঙি নষ্ট কৰিছিল পিতৃ-মাতৃয়ে; ৫৫ লাখৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ সন্তান

স্মর্তব্য যে ৩২ বছৰীয়া মহিলাগৰাকীয়ে অৱশ্যে বিজেপিত কোনো গুৰুত্বপূর্ণ পদ লাভ কৰা নাছিল৷ মহিলাগৰাকীয়ে তাৎক্ষণিকভাৱে তৃণমূল কংগ্রেছত যোগদানৰ সিদ্ধান্ত লোৱাৰ লগে লগে পৰিয়ালত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি৷ সুজাতাৰ এই সিদ্ধান্তৰ পিছতে ৩৯ বছৰীয়া স্বামী সৌমিত্র খানে এক সংবাদ মেলৰ আয়োজন কৰি ঘোষণা কৰিছে যে ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ পত্নীলৈকে বিবাহ বিচ্ছেদৰ জাননী প্রেৰণ কৰিব৷ প্রাক্তন টি এম চি নেতা সৌমিত্র খানে ২০১৯ চনত বিজেপিত যোগদান কৰিছিল৷ লোকসভা নির্বাচনত বিষ্ণুপুৰ সমষ্টিৰ পৰা টি এম চি সাংসদ হিচাপে বিজয়ী হোৱা সৌমিত্র খানে পৰৱর্তী সময়ত বিজেপিৰ পৰা একেটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰে৷

You might also like