নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতি আৰু মনুষ্যত্ব

ৰাজনীতিৰ পৰা মনুষ্যত্ব সম্পূর্ণৰূপে বিতাড়িত হ’লনেকি? এই প্রশ্ণ মনলৈ আহিছে বিটিআৰৰ সদ্য–নির্বাচিত সদস্যকেইজনমানক নিজৰ কর্মস্থানলৈ যাবলৈ নিদি গুৱাহাটী বা মেঘালয়ৰ বিভিন্ন হোটেলত আবদ্ধ কৰি ৰখাৰ দৃশ্যটো দেখি৷ কিয় তেওঁলোকক কোকৰাঝাৰৰ পৰা বহু নিলগত হোটেলত আবদ্ধ কৰি ৰখা হৈছে? সংশ্লিষ্ট পক্ষই তাৰ ব্যাখ্যা যিয়েই নিদিয়ক লাগিলে, তেওঁলোকক যাতে কোনেও কিনিব নোৱাৰে বা প্রলোভিত কৰিব নোৱাৰে কেৱল সেই উদ্দেশ্যেই তেওঁলোকক বিভিন্ন স্থানৰ হোটেলত আবদ্ধ কৰি ৰখা হৈছে বুলি সর্বসাধাৰণ মানুহে বিশ্বাস কৰিবলৈ বাধ্য হৈছে৷ এই কার্যৰ দ্বাৰাই যিটো ধাৰণা প্রচাৰ কৰা হৈছে সেইটো হৈছে এই যে ৰাইজৰ দ্বাৰা গণতান্ত্রিক পদ্ধতিৰে নির্বাচিত এই জনপ্রতিনিধিসকল ইমানেই লোভী আৰু চৰিত্রহীন যে অবোধ শিশুক কু–খাদ্যৰ পৰা জোৰকৈ নিলগাই ৰখাৰ দৰে এওঁলোককো প্রলোভনৰ উৎসৰ পৰা জোৰকৈ নিলগাই নাৰাখিলে তেওঁলোক প্রলোভনৰ ফান্দত ভৰি দিয়াটো অৱশ্যম্ভাৱী৷ আজি আমাৰ ৰাজ্যখনত মনুষ্যত্বৰ ইমানেই স্খলন হ’লনে যে জনপ্রতিনিধি নামৰ বিশেষ মর্যাদাৰ অধিকাৰী মানুহবোৰকো নিলাম বজাৰৰ গৰু–ছাগলীৰ দৰে কিনা–বেচা কৰিব পৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’ল৷ এইবোৰ মানুহেই সমাজৰ সেৱা কৰিব? এখন নতুন সমাজ গঢ়িব? সমাজৰ কল্যাণৰ কাৰণে ন ন আইন প্রণয়ন কৰিব?
আজি সমগ্র দেশৰ সর্বসাধাৰণ মানুহৰ মনত এনে এটা ধাৰণা বা সন্দেহ ঘনীভূত হৈছে যে দেশত গণতন্ত্রৰ নামত যিটো বস্তু চলিছে সি আচলতে ধনতন্ত্র৷ উপাস্য দেৱতাৰ বেদীত বহুওৱা হৈছে ক্ষমতা নামৰ এগৰাকী নতুন দেৱীক৷ এই নতুন দেৱীক সন্তুষ্ট কৰিব লগা হয় নিজৰ চৰিত্র আৰু মনুষ্যত্বক উপচাৰ দি৷
কিন্তু দেশৰ এনে পৰিস্থিতিতো কিছুমান মানুহৰ মনলৈ এনে এটা প্রশ্ণ আহিছেঃ What is a man profited if he shall gain the whole world and lose his own soul? (Mathew, 16 : 24-21)

You might also like