নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৩ প্রতিষ্ঠিত ঠিকাদাৰৰ বাসগৃহ–কার্যালয়ত আয়কৰৰ তালাচী

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীৰ ঠিকাত ব্যৱহাৰিক প্রমাণ–পত্রৰ বিসংগতি–কৰ ফাঁকি

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ কোটি কোটি টকা কৰ ফাঁকিৰ সন্দেহত আয়কৰ বিভাগে মঙলবাৰে ৰাজ্যৰ তিনিগৰাকী প্রতিষ্ঠিত ঠিকাদাৰৰ কার্যালয় আৰু বাসগৃহত পৃথকে তালাচী অভিযান চলায়৷ প্রভাৱশালী ঠিকাদাৰ ভাগ্য কলিতা, অনুপম শর্মা আৰু প্রাক্তন আলফা নেতা তথা ঠিকাদাৰ যুগল কিশোৰ মহন্তৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ কার্যালয়ত আয়কৰ বিভাগৰ-কেইবাজনীয়া বিষয়াৰ দলে আজি পুৱাৰে পৰা অভিযান চলায়৷ ভাগ্য কলিতাৰ মহানগৰীৰ গণেশগুৰিস্থিত বি কে টাৱাৰত থকা কার্যালয়ত আয়কৰ বিভাগৰ এটা দলে মঙলবাৰে পুৱা প্রায় ৮.৩০ বজাৰ পৰা তালাচী আৰম্ভ কৰে৷ ইয়াৰ সমান্তৰালকৈ বিভাগটোৰ আন এটা দলে ঠিকাদাৰজনৰ মহানগৰীৰ ৰিহাবাৰীস্থিত বাসগৃহত তালাচী চলায়৷ একেদৰে আয়কৰ বিভাগৰ আন এটা দলে মহানগৰীৰ জু–ৰোডৰ সমীপৱর্তী ভাস্কৰ নগৰত থকা অনুপম শর্মাৰ কার্যালয় আৰু বাসগৃহত কৰ ফাঁকিৰ সন্দেহত মঙলবাৰে পুৱা ৯ বজাৰ পৰা তালাচী চলায়৷

ইফালে, প্রাক্তন আলফা নেতা তথা প্রতিষ্ঠিত ঠিকাদাৰ যুগল কিশোৰ মহন্তৰ মহানগৰীৰ চানমাৰিস্থিত ঊষা ক’টৰ তৃতীয় মহলাত থকা তিনি নম্বৰ ফ্লেটত আয়কৰ বিভাগৰ দলে তালাচী চলায়৷ পুৱা প্রায় ৭ বজাৰ পৰা ঊষা ক’টৰ ফ্লেটত আয়কৰ বিভাগৰ দলে অভিযান চলোৱাৰ সমান্তৰালকৈ ঠিকাদাৰজনৰ ঊষা ক’টৰ নাতিদূৰৈত থকা আইভৰী এনক্লেভতো অভিযান চলায়৷ উল্লেখ্য যে আইভৰী এনক্লেভত আছে মহন্তৰ বাসগৃহ আৰু জে কে এণ্ড ইনফ্রা ৱর্কছ এল এল টি নামৰ কার্যালয়৷ ঠিকাদাৰ মহন্তৰ ডিব্রুগড় আৰু দিল্লীস্থিত বাসগৃহ আৰু কার্যালয়তো আয়কৰ বিভাগে আজি অভিযান চলায় বুলি জানিব পৰা গৈছে৷ তালাচী অভিযানকালত আয়কৰ বিভাগৰ দলে মূলতঃ কোটি কোটি টকাৰ ঠিকা আৰু ধনৰ ব্যৱসায়িক লেনদেন আৰু বেংকৰ নথিপত্রসমূহ তন্নতন্নকৈ পৰীক্ষা কৰে৷ অভিযানকালত মূধাফুটা ঠিকাদাৰ তিনিজনৰ কার্যালয়ত কর্মৰত কর্মচাৰীসকলক কার্যালয়তে আবদ্ধ কৰি থোৱাৰ লগতে তেওঁলোকৰ ম’বাইল ফোনসমূহ জব্দ কৰি নথিপত্রসমূহ পৰীক্ষা কৰে৷

উল্লেখ্য যে ২০১২–১৩, ২০১৩–১৪ আৰু ২০১৪–১৫ বর্ষত প্রভাৱশালী ঠিকাদাৰ ভাগ্য কলিতাই ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ ঠিকাৰ দায়িত্ব লাভ কৰিছিল৷ কিন্তু ঠিকা লাভৰ কিছুদিন পিছতে ভাগ্য কলিতা শাৰীৰিকভাৱে অসুস্থ হৈ পৰে৷ ইয়াৰ পিছতে ভাগ্য কলিতাই ঘাইপথ নির্মাণৰ কিছুমান কাম কৰিবলৈ দিয়ে ঠিকাদাৰ অনুপম শর্মা আৰু যুগল কিশোৰ মহন্তক৷ তেনেদৰে তিনিজন প্রতিষ্ঠিত ঠিকাদাৰে মিলি উল্লিখিত তিনিটা বর্ষৰ পথ নির্মাণৰ কাম সম্পূর্ণ কৰে৷ কাম সম্পূর্ণ কৰাৰ তথ্য চৰকাৰক দাখিল কৰাৰ পিছতহে ঠিকাৰ বিপৰীতে সম্পূর্ণ ধন মোকলাই দিয়া হয়৷ ঠিকাদাৰ তিনিজনে দাখিল কৰা কাম সম্পূর্ণ কৰাৰ নথিপত্র তথা ব্যৱহাৰিক প্রমাণ–পত্রত কৰ ফাঁকি সংক্রান্তীয় বিসংগতি ধৰা পৰে৷ এই বিসংগতিত কোটি কোটি টকাৰ কৰ ফাঁকি দিয়াৰ সন্দেহৰ অৱকাশ থাকি যোৱাত আয়কৰ বিভাগৰ দলে আজি পুৱাৰে পৰা ঠিকাদাৰ তিনিজনৰ বিভিন্ন স্থানত থকা কার্যালয় আৰু বাসগৃহত তালাচী অভিযান চলায়৷ অভিযানকালত ঠিকাদাৰ তিনিজনে দাখিল কৰা নথিপত্র আৰু নিজ নিজ কার্যালয়ত থকা ধনৰ নথিপত্র তথা বেংকৰ লেনদেনৰ নথিপত্রৰ মিল আছে নে নাই, সেয়া তন্নতন্নকৈ আয়কৰ বিষয়াৰ দলে পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে৷ পুৱাৰে পৰা নিশা পর্যন্ত আয়কৰ বিভাগৰ বিষয়াৰ দলে অভিযান চলায়৷ অভিযানৰ অন্তত ঠিকাদাৰ তিনিজনৰ কার্যালয় আৰু বাসগৃহৰ পৰা বহু গুৰুত্বপূর্ণ নথিপত্রৰ লগতে বেংকৰ লেনদেনৰ নথিপত্র জব্দ কৰে৷

You might also like